Local, Vocal, Global

গোসাঁইগাঁৱত মীন বিভাগৰ অভিযান

গোসাঁইগাঁও,৪জুলাই : মীন বিভাগৰ কঠোৰ নিষেধাজ্ঞাৰ পিছতো কোকৰাঝাৰ জিলাৰ একাংশ অসাধু মৎস্য ব্যৱসায়ীয়ে জলাশয়, নদ-নদী তথা বিলত মাছ ধৰি বজাৰত বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷

শেহতীয়াকৈ কোকৰাঝাৰ জিলা মীন উন্নয়ন বিষয়াৰ নিৰ্দেশ মৰ্মে আজি জিলাখনৰ গোসাঁইগাঁও মহকুমা দৈনিক বজাৰ সমূহত অভিযান চলায় ৷

কোকৰাঝাৰ জিলা মীন বিষয়াৰ কাৰ্য্যালয়ৰ মীন প্ৰদৰ্শক বদিয়ুৰ জামান ফকিৰ, কল্লোল মিত্ৰ আৰু অজিত স্বৰ্গোয়াৰীয়ে গোসাঁইগাঁৱৰ হুকনাপাৰা দৈনিক বজাৰত কনী যুক্ত মাছ, পোনা মাছ তথা স্থানীয় নদী জলাশয়ৰ মাছ বিক্ৰী কৰা ব্যৱসায়ী সকলক ১৫ জুলাই লৈ এনে কাৰ্য্য বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ উপৰি ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াস কৰে।

মীন প্ৰদৰ্শক বদিয়ুৰ জামান ফকিৰে অসম মীন নীতি অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ জুলাই লৈ মাছৰ প্ৰজনন ঋতুৰ সময় আৰু এই সময়ত যিকোনো ধৰনৰ জাল বা মাছ ধৰা সঁজুলিৰে প্ৰাকৃতিক জলাশয়, নদ-নদী, বিল আদিত কনী থকা বা পোনা মাছ ধৰা তথা বজাৰত বিক্ৰী কৰাতো নিষিদ্ধ যদিও কিছু লোকে এতিয়াও এনে কাম অব্যাহত ৰখাৰ বাবে এই অভিযান চলোৱা বুলি মন্তব্য কৰে।

লগতে পঢ়ক : 100 year old temple in Rangia : এটি তিনিশ বছৰীয়া মন্দিৰ; যি মন্দিৰৰ আছে অনেক মহত্ব