Local, Vocal, Global

গুজৰাটত নিষিদ্ধ, কিন্তু ভোটাৰক বিতৰণ কৰিবলৈ অনা ২৯০ কোটিৰ অবৈধ সুৰা-ড্ৰাগছ জব্দ

গুজৰাটৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ কেইঘণ্টামান পূৰ্বে সন্ত্ৰাসবাদ বিৰোধী শাখা (এটিএছ) আৰু নিৰ্বাচন আয়োগৰ নিৰীক্ষণ দলে প্ৰায় ২৯০ কোটি টকাৰ অবৈধ সুৰা, ড্ৰাগছ আৰু নগদ ধন জব্দ কৰে।

১৮২ খন আসনৰ ভিতৰত কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাৰ ৮৯ খন আসনত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ’ব। দ্বিতীয় আৰু অন্তিম পৰ্যায়ত, বাকী ৯৩ খন আসনত ৫ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। দিনটোৰ আৰম্ভণিতে নিৰ্বাচন আয়োগৰ এটা ভিজিলেন্স দলে ৰাজ্যখনত শান্তি-শৃংখলা বজাই ৰাখি নিৰপেক্ষ ভাৱে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্যজুৰি আৰক্ষী, আবকাৰী আৰু আয়কৰ বিভাগৰ কৰ্মচাৰীৰ সহায়ত এটা তালাচী অভিযান চলাইছিল।

গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ একেধৰণৰ অভিযানত দক্ষিণ গুজৰাটৰ বৰোদা আৰু কাষৰীয়া অঞ্চলৰ পৰা লাখ লাখ লিটাৰ অবৈধ সুৰা জব্দ কৰা হয়। বৃহৎ পৰিমাণৰ ড্ৰাগছও জব্দ কৰা হৈছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত, সমগ্ৰ গুজৰাটত কেইবাটাও তালাচীৰ সময়ত মুঠ ২৭.২১ কোটি টকাৰ অবৈধ সুৰা আৰু ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল।