Local, Vocal, Global

গান্ধী বিশ্বৰ গণ আন্দোলনৰ প্ৰতীক, আজি অহিংসাৰ পূজাৰী বাপুৰ জন্ম দিন

অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ আজি জন্ম দিন। ১৮৬৯ চনৰ ০২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰা মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যুবৰণ কৰিছিল৷ ৭৮ বছৰত মৃত্যুবৰণ কৰা বাপুৰ জন্মদিনটো ৰাষ্ট্ৰ সংঘই অহিংসা দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰাত বিশ্বৰ সকলো দেশে অহিংসা দিৱস হিচাপে পালন কৰি আহিছে। সমগ্ৰ পৃথিৱীত হত্যা-হিংসা, যুদ্ধই মানুহক উদ্বিগ্ন কৰিছে৷ তেনে সময়তে অহিংসাৰ পূজাৰী বাপুৰ জন্ম দিনটোত বিশ্বই আজি আকৌ শান্তি কামনা কৰিছে৷ গান্ধীক স্মৰণ কৰি স্থায়ী শান্তি৷

আজি পুৱাই ৰাজঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ সমাধীত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোকে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। মোদীয়ে ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীকো মৰমেৰে স্মৰণ কৰে৷ আজি দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো জন্ম জয়ন্তী৷ আজি ২ অক্টোবৰত মোদীয়ে দুয়োগৰাকী জননেতাক সোঁৱৰি দুয়োগৰাকীৰ সৰলতাক সমগ্ৰ দেশতে প্ৰশংসিত বুলি কয় মোদীয়ে।

কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী, ভাৰত জোড়ো যাত্ৰাত ব্যস্ত সাংসদ ৰাহুল গান্ধীয়েও মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ কৰি মাল্যৰ্পণ কৰে৷ গান্ধীৰ নেতৃত্বত দীঘলীয়া আন্দোলনৰ ফলত দেশ স্বাধীন হৈছিল৷ জাতিৰ পিতা মহাত্মা গান্ধীক প্ৰতিবছৰে জন্ম-মৃত্যু দুটা দিনত সমগ্ৰ বিশ্বই গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ ৰাহুল গান্ধীয়ে কয় বাপুৱে আমাক সত্য আৰু অহিংসাৰ পথত খোজ কাঢ়িবলৈ শিকাইছিল। প্ৰেম, সহানুভূতি, সম্প্ৰীতি আৰু মানৱতাৰ অৰ্থ বৰ্ণনা কৰিছিল। ভাৰত জোড়ো যাত্ৰা বাপুৰ আদৰ্শৰ বাবে উৎসৰ্গিত। আজি গান্ধী জয়ন্তীত আমি প্ৰতিশ্ৰুতি লওঁ যেনেদৰে গান্ধীয়ে দেশক অন্যায়ৰ বিৰুদ্ধে একত্ৰিত কৰিছিল৷ এতিয়া আমি আমাৰ ভাৰতকো একত্ৰিত কৰিম।

প্ৰত্যেক বৰ্ষৰ ৩০ জানুৱাৰীত মৃত্যু তিথি আৰু ২ অক্টোবৰত গান্ধী জয়ন্তী দেশবাসীয়ে বিভিন্ন কাৰ্যক্ৰমণিকাৰে পালন কৰি মহামানৱ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ দেশৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ দেশে স্বাধীনতা লাভ কৰিছিল। গান্ধীৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন গণ আন্দোলনৰ আৰম্ভ হয়৷ কম বয়সতে ১৮৮৩ চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি কস্তুৰবাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনলৈ যায়৷ লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজত পঢ়াৰ লগতে তাত ওকালতি পঢ়ি ১৮৯১ চনৰ জুন মাহত গান্ধীয়ে ভাৰতলৈ উভতি আহে। তাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ এটি কোম্পানীত আইনী পৰামৰ্শ দাতা হিচাপে কাম কৰে। দক্ষিণ আফ্ৰিকাত গান্ধীৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন হয়। ভাৰতীয় তথা কৃষ্ণাঙ্গসকলৰ প্ৰতি সাধাৰণভাৱে প্ৰচলিত বৈষম্যৰ চিকাৰ হয় গান্ধীও।

এদিন ডাৰবানৰ আদালতৰ ন্যায়ধীশে গান্ধীক পাগুৰি খুলিবলৈ আদেশ দিছিল। গান্ধীয়ে সেই আদেশ অমান্য কৰি আদালত কক্ষৰপৰা ওলাই আহে। পিটাৰ মেৰিজবাৰ্গ ভ্ৰমণকালত প্ৰথম শ্ৰেণীৰ টিকট থকা স্বত্বেও ৰেলৰ প্ৰথম শ্ৰেণীৰ দবা এটাৰ পৰা তৃতীয় শ্ৰেণীলৈ পঠিয়াই দিছিল। ষ্টেজকোচত ভ্ৰমণৰ সময়ত এগৰাকী পৰিচালকে গান্ধীক প্ৰহাৰ কৰিছিল৷ গান্ধীয়ে ইউৰোপীয় যাত্ৰীক সুবিধা কৰি দিবলৈ ফুটবোৰ্ডত থিয় হৈ যাবলৈ অমান্তি হৈছিল। গান্ধী কেইবাবাৰো এনে বৈষম্যৰ মুখামুখি হৈছে৷ কেইবাখনো হোটেলতো গান্ধীক থাকিবলৈ দিয়া হোৱা নাছিল৷ গান্ধীয়ে অহিংসাৰে সকলো ঘটনাৰ মুখামুখী হোৱাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰি অহিংস নীতিৰ বাবে আজি বিশ্বৰ আদৰ্শ৷ দেশৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক হিচাপে নেতৃত্ব দি দেশক স্বাধীন কৰা নায়ক৷ এইজন মহান নেতাৰ জন্ম দিনটোত সমগ্ৰ বিশ্বৰ লগতে মাই নিউজ এনইৰ পৰিয়ালেও মহাত্মা গান্ধীক স্মৰণ কৰিছো৷