Local, Vocal, Global

কৰিমগঞ্জত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নিউজ ডেস্ক,৬মাৰ্চঃ কৰিমগঞ্জৰ পাথাৰকান্দিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পাথাৰকান্দি বাইপাছত TR 05 D 0625 নম্বৰৰ এখন এলট্ৰ বাহনৰ বনেট আৰু টায়াৰৰ ভিতৰৰ পৰা তালাচী চলাই উদ্ধাৰ কৰে ২৭ পেকেট ব্ৰাউন চুগাৰ। ড্ৰাগছখিনিৰ বজাৰমূল্য বিশ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে। পাথাৰকান্দি আৰক্ষী থানাৰ এছ আই ৰাজপ্ৰতাপ সিঙৰ নেতৃত্বৰ এই অভিযানত ড্ৰাগছখিনি জব্দ কৰে। বাহনখন পাথাৰকান্দিৰ আছিমগঞ্জৰ পৰা ত্ৰিপুৰাৰ দিশে গৈ আছিল। এই অভিযানত আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰী যথাক্ৰমে ড্ৰাইভাৰ চৈফ উদ্দিন আৰু তাজ উদ্দিনক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ত্ৰিপুৰাৰ  ধৰ্মপুৰৰ বুলি জানিব পৰা গৈছে।