কিয় মন্দিৰ সাজিলে আৰৱৰ ৰাজ পৰিয়ালে?
ডিজিটেল ডেস্ক:- এতিয়া এই ইছলামিক দেশতো হিন্দু মন্দিৰ নিৰ্মাণ কৰা হৈছে! হয় এইবাৰ ইছলামিক ৰাষ্ট সংযুক্ত আৰব আমিৰশ্বাহীত এটা বিশাল হিন্দু মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আবুধাবিত নির্মাণ হৈ থকা এই হিন্দু মন্দিৰটোক লৈ অতি সুখী আৰু উৎফুল্লিত৷ তেওঁ বিচাৰে আবুধাবিত নিৰ্মিত এই মন্দিৰটো ঐশ্বৰিক অনূভুতি জাগ্ৰত হওঁক। তদুপৰি এই মন্দিৰটো ইমান বৃহৎ আকাৰত নিৰ্মাণ কৰা দিশটোও মন কৰিবলগীয়া হৈছে। উদ্যোক্তা সকলে আশা ৰাখিছে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে এই মন্দিৰ দৰ্শন কৰিবলৈ আহিব।
এই প্ৰসংগত উল্লেখ কৰিব পাৰি যে আবুধাবিত নিৰ্মিত এই মন্দিৰটো BAPS স্বামীনাৰায়ণ সংস্থাই পৰিচালনা কৰাৰ দায়ি লৈছে। এই সমগ্র পৰিকল্পনাৰ বিষয়ে ব্ৰহ্মবিহাৰী দাস স্বামীয়ে অনুষ্ঠানটোৰ হৈ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদক অৱগত কৰিছিল। চৰকাৰী সূত্ৰই জনোৱা মতে ব্ৰহ্মবিহাৰী দাস আবুধাবিত নিৰ্মিত মন্দিৰৰ মূৰব্বী হিচাপে থাকিব। আৰু তেওঁৰ তত্বাৱধানতে এই মন্দিৰৰ কাম সম্পূৰ্ণ কৰা হ’ব।
“শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ অহা ব্ৰহ্মবিহাৰী দাস স্বামীয়ে কয় যে আবুধাবিত নিৰ্মিত এই হিন্দু মন্দিৰটো অলৌকিকতাতকৈ কম নহয়। তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদে এই মন্দিৰক লৈ সন্তুষ্টি প্রকাশ কৰিছে। তেওঁ কয় যে আজিও আবুধাবিত হিন্দু মন্দিৰ নিৰ্মাণ কৰা হৈছে বুলি ভাবিলেও আচৰিত লাগে।
উল্লেখ্য যে ১৯৯৭ চনৰ এপ্ৰিল মাহত ব্ৰহ্মবিহাৰী দাস স্বামী মহাৰাজে সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণ কৰিছিল। আৰু তেতিয়া তেওঁ আৰৱৰ ৰাজধানীত এটা বিশাল মন্দিৰ নিৰ্মাণৰ ইচ্ছা প্ৰকাশ কৰে। বৰ্তমান তেওঁৰ সপোন বাস্তৱায়িত হ’বলৈ ওলাইছে। যাৰ বাবে তেওঁ অতি সুখী।
২০১৫ চনত ইউ এ ই চৰকাৰে মন্দিৰৰ বাবে মাটিৰ ব্যৱস্থা কৰি দিছিল৷ ২০১৫ চনৰ আগষ্ট মাহত ইউ এ ই চৰকাৰে আবুধাবিত এটা মন্দিৰ নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰিছিল। সেই সময়ত ৰাজকুমাৰ আছিল শ্বেখ মহম্মদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইউ এ ই ভ্ৰমণৰ সময়ত আৰৱৰ ৰাজ পৰিয়ালে মন্দিৰৰ বাবে মাটি উপহাৰ দিছিল। সেয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথম আৰব ভ্ৰমণ।
২০১৮ চনত বিএপিএছৰ প্ৰতিনিধিয়ে শ্বেখ মহম্মদ আৰু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰিছিল। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহীলৈ দ্বিতীয়বাৰৰ বাবে আবুধাবিত উপস্থিত হয়।লক্ষনীয় যে প্ৰথম অৱস্থাত মন্দিৰৰ বাবে ১৩.৫ একৰ মাটি আৱণ্টন দিয়া হৈছিল। কিন্তু পিছত অতিৰিক্ত ১৩.৫ একৰ মাটি পুণৰ দিয়া হ’ল। যিটো মূলতঃ পাৰ্কিঙৰ বাবে আছিল।
ব্ৰহ্মবিহাৰী দাসৰ মতে এই মন্দিৰটো প্ৰেম, সম্প্ৰীতি আৰু সহনশীলতাৰ প্ৰতীক হ’ব। কাৰণ এই মন্দিৰৰ ভেটি কেৱল এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই ক্ষেত্ৰত বৰ্তমান আবুধাবিত মুঠ ২৭ একৰ মাটিত মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ উপৰিও মন্দিৰত স্থাপন কৰা গোলাপী শিলটো প্ৰায় হাজাৰ বছৰ পুৰণি।