Local, Vocal, Global

কিয় মন্ত্ৰী পীষুয হাজৰিকাৰ লগত ঘনিষ্ঠ বুলি চিনাকি দালালৰ ?কোনে ৰক্ষনা বেক্ষনা দিছে দালালক

নিউজ ডেস্ক,২০নৱেম্বৰ: কোনে কৈছে বিজেপি চৰকাৰৰ দিনত দালালৰাজ বন্ধ হৈছে। কোনে কৈছে চাকৰিৰ নামত কোনো দালাল নাই বুলি।
কোনে ৰক্ষনা বেক্ষনা দিছে দালালক।কিয় মন্ত্ৰী পীষুয হাজৰিকাৰ নাম লৈ টকা লুটিছে দালালে।
চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত লাখে লাখে টকা লুণ্ঠন দালালৰ।ৰাজ্যত এতিয়াও দালালৰ দপদপনি চলি আছে
কোনে ৰক্ষনা বেক্ষনা দিছে এইসকল দালালক।কিয় মন্ত্ৰী পীষুয হাজৰিকাৰ লগত ঘনিষ্ঠ বুলি চিনাকি দালালৰ ?

মন্ত্ৰী বিধায়কৰ নাম লৈ চাকৰি দিয়াৰ নামত দৰং – ওদালগুৰিত দালাল’ৰ লুণ্ঠনৰাজ। চাকৰি দিয়াৰ নামত লাখ লাখ টকা লুটাৰ অভিযোগ।
প্ৰথমে তিনি vip দালালক চিনাকি কৰি দিছো।
১. আব্দুৰ ৰহিম
২ ৰহিমুদ্দিন উৰুফে কিছমত আলী
৩ আহামদ আলী

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱৰ ভুক্তভোগী এইজন মোছাৰফ হুছেইন। আৰু গেৰুৱা অগুংঝাৰ গাঁৱৰ ভুক্তভোগী এইজন লিন দৈমাৰী। এই দুজন ভুক্তভোগীৰ অভিযোগ অনুসৰি মোছাৰফ হুছেইনৰ মাটি বাৰিৰ সমস্যাৰ বাবে আব্দুৰ ৰহিম আৰু দৰঙৰ বেচিমাৰিৰ ৰহিমুদ্দিন উৰুফে কিছমত আলীয়ে লৈছিল 470,000 (চাৰি লাখ সত্তোৰ হাজাৰ) টকা । আব্দুৰ ৰহিম আৰু ৰহিমুদ্দিন মন্ত্ৰী পীষুয হাজৰিকাৰ ঘনিষ্ঠ বুলি কৈছিল। মন্ত্ৰীৰ ঘনিষ্ঠ বুলি শুনি দুৰ্ভগীয়া মোছাৰফ হুছেইন ঋণ লৈ ৪ লাখ দিছিল দুই দালালক। কিন্তু আজিলৈকে এই দুই দালালে এতিয়া লৈকে কৰিব নোৱাৰিলে মাটিৰ কাম। মাটিৰ কাম কৰিব নোৱোৰাত টকা বিচাৰি গলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। ইতিমধ্যে দুই ভুক্তভোগীয়ে মন্ত্ৰী পীযুষ হাজৰিকাৰ আৱগত কৰিছে আমৰ মন্ত্ৰী গৰাকীয়ে চিনি নাপাই বুলিও কৈছে

আনহাতে ৰৌতাৰ গেৰুৱা অগুংঝাৰ গাঁৱৰ এইজন লীন দৈমাৰীয়ে আনিছে আন এক ভয়ংকৰ অভিযোগ। চতুৰ্থ বৰ্গৰ চাকৰি দিম বুলি কৈ আহামদ আলী নামৰ এইজন দালালে ১ লাখ টকা লৈছিল। না চাকৰি দিলে লা টকা ঘুৰাই দিলে। ভুক্তভোগীৰ অভিযোগ একেই মন্ত্ৰীৰ ঘনিষ্ঠ বুলি কৈ চাকৰি দিয়াৰ নামত ১ লাখ টকা লৈছে । টকা উভতাই বিচাৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে । দালালৰাজ মুক্ত হোৱা দাবীৰে ভাষণ দিয়া মুখ্যমন্ত্ৰীয়ে এইসকল দালালক কেতিয়া জেলৰ ভাত খুৱাব পাৰিব। দুৰ্নীতি আৰু দালালৰ বিৰূদ্ধে শূণ্য সহনশীলতাৰ কথা সততে আওৰাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়তো একাংশ দালালে ভয় ভাবুকিৰে এতিয়াও কেনেকৈ চলাই গৈছে দালালৰাজ। ইতিমধ্যে দুই ভুক্তভোগীয়ে ওদালগুৰি DC,SP আৰু ৰৌতা আৰক্ষী থানাত এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। কেতিয়ালৈকে ৰৌতা আৰক্ষীয়ে এই তিনি vip দালাক আটক কৰিব।

লগতে পঢ়ক :Assam government renames Karimganj district as Sribhumi:সলনি হ’ব কৰিমগঞ্জ জিলাৰ নাম