Local, Vocal, Global

কাৰ্গিল যুদ্ধ বিজয়ৰ ২৫ বছৰ সম্পূৰ্ণ!বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধিত শ্ৰদ্ধাঞ্জলি ভাৰতীয় সেনাৰ

নিউজ ডেস্ক,১৩জুন : কাৰ্গিল যুদ্ধ বিজয়ৰ ২৫ বছৰ সম্পূৰ্ণ। কাৰ্গিল বিজয় দিৱসৰ প্ৰাকমুহূৰ্তত বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনালে ভাৰতীয় সেনাই। খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত ভাৰতীয় সেনাৰ আৰ্টিলাৰী ৰেজিমেন্টৰ বিষয়া সেনা জোৱান সকলে বাইক ৰেলী কৰি আহি জনালে শ্ৰদ্ধাঞ্জলি ।

সেনা জোৱানৰ দলটিয়ে প্ৰথমে কেপ্তেইন জিন্টু গগৈৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি শ্বহীদ গৰাকীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সেনা জোৱান সকলৰ সন্মুখত আবেগিক হৈ পৰিল জিন্টু গগৈৰ পিতৃ-মাতৃ । কাৰ্গিলৰ ড্ৰাছলৈ বাইক ৰেলী কৰি যাবলৈ শ্বহীদ জিন্টু গগৈৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলে বুলি জনালে পিতৃয়ে ।

সেনাৰ দলটিক হিন্দুস্থান পেট্ৰ’লিয়ামৰ তৰফৰ পৰা দেৰগাঁৱৰ দাধৰাৰ ৰ’জী এইচ পি ফুৱেল চেন্টাৰৰ পুৱাৰ আহাৰ যোগান ধৰে লগতে পথৰ কাষত বিভিন্ন জনে অভিবাদন জনালে। উল্লেখ্য যে কাৰ্গিল যুদ্ধত বীৰ শ্বহীদ সকলৰ ত্যাগ আৰু সাহসীকতাক সন্মান জনাই ডিব্ৰুগড়ৰ দিনজান সেনা চাউনিৰ পৰা বাইকৰেলী কৰি দেশৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ড্ৰাছ পৰ্যন্ত প্ৰায় ৪০০০ কিলোমিটাৰ অতিক্ৰম কৰিব সেনাৰ দলটিয়ে ।

লগতে পঢ়ক : Road Accident in Kaliabor : S.I জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত বাগৰি পৰিল ১২ চকীয়া মালবাহী ট্ৰাক