Local, Vocal, Global

ঐতিহাসিক দীৰ্ঘেশ্বৰি মন্দিৰলৈ নামি আহিছে ভয়ংকৰ বিপদ

উত্তৰ গুৱাহাটী,১৯আগষ্ট : ঐতিহাসিক দীৰ্ঘেশ্বৰি মন্দিৰলৈ নামি আহিছে ভয়ংকৰ বিপদ । উত্তৰ গুৱাহাটী পৌৰ সভাৰ হতকাৰী সিদ্ধান্তত ঐতিহাসিক দীর্ঘেস্বৰী মন্দিৰলৈ নামি আহিছে অশনি সংকেত।

এসময়ৰ চৰণীয়া পথাৰ আৰু বনভোজস্থলী বৰ্তমান হৈছে কদৰ্যময় পৰিৱেশ। ঐতিহ্য মণ্ডিত দীর্ঘেস্বৰী মন্দিৰৰ ভোগ গৃহলৈ বিয়পি পৰিছে আৱৰ্জনাৰ দুর্গন্ধ।

উত্তৰ গুৱাহাটী পৌৰ সভাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই সমগ্ৰ চহৰ অঞ্চলৰ আৱৰ্জনীয় পেলনীয়া সামগ্ৰী পেলাবৰ বাবে ব্যৱহাৰ কৰিছে দীর্ঘেস্বৰী মন্দিৰৰ পাৰ্শ্ববৰ্তি অঞ্চল। যাৰ ফলত মৃত্যু মুখত পৰিছে বহুতো পশু ধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মৎস্য।

প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত উত্তৰ গুৱাহাটীৰ দীর্ঘেস্বৰী বজাৰত অনুষ্ঠিত ৰাইজ মেলত এই দাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । লগতে অঞ্চলটোৰ বিভিন্ন দল সংগঠনে উত্তৰ গুৱাহাটীৰ পৌৰ সভাৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ প্ৰশাসনক দাবী উত্থাপন কৰে।

লগতে পঢ়ক : World Photography Day 2024 : আজি বিশ্ব ফটোগ্ৰাফী দিৱস