এজনী ছোৱালীৰ বাবে তিনিটা সিংহৰ অমৰ প্ৰেম!
ডিজিটেল ডেস্ক:- তিনি সিংহই আহত ছোৱালী এজনীক পহৰা দিয়ে, পুলিচ আহিলেই আতৰি যায়! এই অবিশ্বাস্য ঘটনা ক’ত সংঘটিত হৈছে?
অৱশ্যে পশু চিকিৎসকে এই ঘটনাৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। পশু বিশেষজ্ঞ কৰ্ণেল লেমাই দাবী কৰে যে সিংহৰ দলটোৱে ছোৱালীজনীক একেবাৰেই পহৰা দিয়া নাছিল। বৰঞ্চ সিহঁতে ছোৱালীজনীৰ মৃত্যুৰ বাবেহে অপেক্ষা কৰি আছিল।
এই ঘটনা ২০০৫ চনৰ । ইথিওপিয়াৰ এগৰাকী ১২ বছৰীয়া স্কুলীয়া ছাত্ৰীক স্কুলৰ পৰা উভতি অহাৰ সময়ত অপহৰণ কৰা হয়। কেইদিনমান অহৰহ অত্যাচাৰৰ অন্তত যেতিয়া ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰিছিল তেতিয়া এজাক সিংহৰ দলে উদ্ধাৰ কৰিছিল। এই ঘটনাৰ সত্যতাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। বহুতে উৰাবাতৰি বুলিও দাবী কৰে৷ বহু পশু বিশেষজ্ঞ চিকিৎসকে ইয়াৰ বিষয়ে বিভিন্ন মতামত দিয়ে।
এই ঘটনা ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবাৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছিল। বিদ্যালয়ৰ পৰা উভতি অহাৰ পথত চাৰিজন দুষ্কৃতিকাৰীয়ে এগৰাকী ছোৱালীক অপহৰণ কৰি লৈ যায়।কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি বৃহৎ পৰিমাণৰ মুক্তিপণ দাবী কৰে। লগতে অপহৰণকাৰীয়ে কিশোৰীগৰাকীৰ পৰিয়ালক এসপ্তাহৰ সময় দি ধন সংগ্ৰহ কৰিবলৈ দিয়ে।
কিন্তু ছোৱালীজনীক এসপ্তাহ ধৰি ধৰ্ষণ আৰু অকথ্য অত্যাচাৰৰ বলি হৈছিল। তেওঁক প্ৰহাৰ কৰা হৈছিল। তদুপৰি কিশোৰীগৰাকীৰ ওপৰত ভীষণ যৌন নিৰ্যাতন চলোৱা হয়।এসপ্তাহৰ পিছত আৰক্ষীয়ে অপহৰণকাৰীৰ আত্মগোপন স্থানত অভিযান চলায়। আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পিছতে ছোৱালীজনীৰ সৈতে পলায়ন কৰে দুৰ্বৃত্তই।
পলায়নৰ পথত হঠাতে এদল সিংহৰ সৈতে মুখামুখি হয় অপহৰণকাৰী। সিংহ তিনিটাক মুখামুখিকৈ দেখি আধামৰা ছোৱালীজনীক তাতে এৰি পলাই গ’ল।তাৰ পিছত এটা অবিশ্বাস্য ঘটনা সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দোষীক বিচাৰি থকাৰ সময়ত তিনিটা সিংহই আহত ছোৱালীজনীক ‘পহৰা’ দি থকা দেখিবলৈ পায়।প্ৰকৃতিৰ বিপৰীতে তিনিটা সিংহৰ কোনো এটাই ছোৱালীজনীক আছোৰ এটাও মৰা নাছিল। আৰু সেই দেখি পুলিচ স্তম্ভিত হৈ পৰিল।শুনা হৈছে যে তিনিওটা সিংহই পুলিচক দেখি লাহে লাহে সেই স্থানৰ পৰা আতৰি যায়। প্ৰায় অচেতন হৈ পৰা ছোৱালীজনীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।সচেতন হোৱাৰ পিছত আৰক্ষীয়ে ছোৱালীজনীক গোটেই বিষয়টো সোধাত, অপহৰণকাৰীয়ে কিদৰে তাইক অত্যাচাৰ কৰিছিল সেই কথাও কয়। লগতে ইয়াকো কয় যে, সিংহই তেওঁৰ কোনো ক্ষতি কৰা নাছিল।
ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবাৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ নিলগৰ বিটা জেনেট গাঁৱত সংঘটিত হৈছে এই ঘটনা। চাৰ্জেণ্ট ৱাণ্ডামু ৱেদাজেও কয় যে ছোৱালীজনীক জীয়াই থকা দেখি তেওঁলোকে আচৰিত হৈছিল। আমাক দেখা পাই তেওঁলোক পুনৰ হাবিলৈ গ’ল।কিন্তু এই ঘটনাৰ সত্যতাক লৈ একাংশ পশু বিশেষজ্ঞই প্ৰশ্ন উত্থাপন কৰিলে। পশু বিশেষজ্ঞ কৰ্ণেল লেমা লেগেছে দাবী কৰিছে যে ছোৱালীজনীক সিংহৰ দল এটাই পহৰা দিয়া নাছিল। তাৰ বিপৰীতে সিহঁতে সৰু ছোৱালীজনীৰ মৃত্যুলৈ অপেক্ষা কৰি আছিল। সিহঁতে থিয় হৈ আছিল যাতে আন কোনো জন্তুৱে আহি সিহঁতৰ চিকাৰৰ ভাগ ল’ব নোৱাৰে। কিন্তু বহু পুলিচক একেলগে দেখি পলাই গ’ল।লেমাৰে দাবী কৰে যে সেই সময়ছোৱাত অঞ্চলটোৰ মানুহ আৰু খেতিপথাৰৰ জীৱ-জন্তুৰ ওপৰত সিংহৰ আক্ৰমণ বৃদ্ধি পাইছিল। সেয়ে সিংহৰ দলটোৱে ছোৱালীজনীক পহৰা দিয়াৰ দাবী ভুল।
ইথিওপিয়াৰ এজন বন্যপ্ৰাণী বিশেষজ্ঞই পুনৰ দাবী কৰে যে ছোৱালীজনীৰ কান্দোন সিংহৰ দলটোক সিংহৰ পোৱালিৰ কান্দোনৰ দৰে শুনা গৈছিল। আৰু সেইবাবেই তেওঁলোকে ছোৱালীজনীক হত্যা কৰিব নোৱাৰিলে।চাৰ্জেণ্ট ৱাণ্ডিমুৱে অৱশ্যে পিছত এই কাণ্ডক ‘অলৌকিক’ বুলি অভিহিত কৰে। আৰক্ষীয়ে কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।