Local, Vocal, Global

আদালতত স্বীকাৰোক্তি
মিলৰ্ড, মোৰ স্বামীয়ে সৰ্বনাশ কৰিলে।

ডিজিটেল ডেস্ক :-স্বামীৰ অদ্ভুত যৌন বাসনাৰ বাবে ঘৃণনীয় কাণ্ডৰ বলি হৈছে পত্নী। চেতনা ঘূৰাই পোৱাৰ পাছতেই হতভম্ব হয় মহিলা গৰাকী। এজন বিবাহিত মানুহে নিজৰ চখ পূৰণৰ বাবে পত্নীৰ লগত যি ঘৃণনীয় কাণ্ড কৰিলে তাক জানিলেই হতভম্ব হৈ পৰিব আপুনি। এইজন ছিংগাপুৰৰ লোকে আন এজন পুৰুষৰ সৈতে পত্নীক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। তেওঁৰ চখ আছিল পত্নীয়ে আন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ দৃশ্য উপভোগ কৰা। তাৰ বাবে মানুহজনে তেওঁৰ এজন সহকৰ্মীক পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ নিজৰ ঘৰলৈ মাতিআনে। আৰু মানুহজনৰ পত্নীয়েও গম পোৱা নাছিল যে তেওঁৰ স্বামীয়ে তেওঁক ধৰ্ষণ কৰিব বিচাৰিছে ।

এইহাল পতি পত্নীৰ বিবাহৰ ২৩ বছৰ হ’ল। আৰু তেওলোকৰ সন্তানো আছে। এই সমগ্ৰ ঘটনা ঘটিছে ছিংগাপুৰত। বিবাহৰ ২৩ বছৰ হ’ল এই দম্পতীৰ তিনিটা সন্তান। কিন্তু স্বামীয়ে ২৩ বছৰীয়া এই সম্পৰ্কৰ সকলো আস্থা এৰাতিতে ভাঙি পেলালে। কেৱলমাত্ৰ সিমানেই নহয় তেওঁ আৰু বন্ধুৱে পত্নীক ধৰ্ষণ কৰাৰো পৰিকল্পনা কৰিলে।
দুবছৰৰ পাছত সুযোগ আহিল। ৪৮ বছৰীয়া স্বামীয়ে নিজৰ ৪৫ বছৰীয়া বন্ধুক পত্নীৰ শোৱা কোঠালৈ মাতিলে।

সেই নিশা পত্নীৰ লগত কি কৰে।
মানুহে নিজৰ পত্নীক মদ খাবলৈ বাধ্য কৰায়। দুয়োজনে শোৱা কোঠাত প্ৰৱেশ কৰাৰ সময়ত লোকজনৰ ৪৪ বছৰীয়া পত্নীৰ চকুত কাপোৰৰ পটি বান্ধি দিয়া হৈছিল। সুৰা পান কৰাৰ অচেতন হৈ পৰে মহিলা গৰাকী। কিন্তু অপৰিচিত লোকজনে মহিলাগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰাৰ লগে লগে তেওঁৰ চেতনা ঘূৰি আহিল আৰু লগে লগে মানুহজন পলাই যায়।

ইফালে এনে জঘন্য ঘটনাৰ বাবে ছিংগাপুৰ উচ্চ ন্যায়ালয়ে যোৱা ১৭ জানুৱাৰীত লোকজনৰ লগতে সহকৰ্মীক দোষী সাব্যস্ত কৰিছে৷ সম্প্ৰতি মহিলাগৰাকীৰ স্বামীক ষড়যন্ত্ৰ কৰি ধৰ্ষণৰ চেষ্টা কৰাৰ অপৰাধত তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছে।

এই গোচৰৰ শুনানীত বহু তথ্য পোহৰলৈ আহিছে। সেই মৰ্মে দুয়োজনেই ২০১৫ চনত সহকৰ্মী হৈছিল। আগতে ব্যক্তিজনে নিজৰ যৌন জীৱনৰ লগত জড়িত সকলো কথা সহকৰ্মীৰ লগত শ্বেয়াৰ কৰিছিল। তেওঁ কয় যে তেওঁ পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা আন এজন পুৰুষক চাব বিচাৰে। স্বামীয়ে নিজৰ সহকৰ্মীক পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বাবে প্ৰৰোচিত কৰি ২০১৭ চনৰ ৩১ ডিচেম্বৰত নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনায়। প্ৰথমতে স্বামীয়ে নিজৰ অচেতন পত্নীক মৰমেৰে ওপচাই দিয়ে। তাৰ পিছত স্বামীয়ে বন্ধুক পত্নীৰ ওচৰলৈ আনে।

কিন্তু মহিলাগৰাকীৰ লগত জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰি বিফল হয়। আৰু মহিলাগৰাকীয়ে চেতনা ঘূৰাই পায় যদিও চকু মুদিবলৈ চেষ্টা কৰে যেতিয়া তেওঁ গম পায় যে এজন অচিনাকি পুৰুষে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে পৰিস্থিতি বেয়া হোৱাত মানুহজন পলাই যায়। পিছত গম পোৱা গ’ল যে মানুহজনৰ ইৰেক্টিল ডিছফংচন ৰোগত আক্রান্ত হৈছে। পাছত মহিলাগৰাকীয়ে মানুহজনক বিচাৰি পাই। তেতিয়া তেওঁ স্বামী আৰু বন্ধুক জোৰ কৰি স্বীকাৰোক্তিমূলক চিঠি লিখিবলৈ বাধ্য কৰালে। ইয়াৰ পিছত সমগ্র বিষয়টো বিষয়টো পোহৰলৈ আহে ২০২০ চনৰ ২ জানুৱাৰীত। স্বামীৰ ফোনত অন্তৰংগ ছবি বিচাৰি পাই আন এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে যৌন অপৰাধ সংঘটিত কৰাৰ সন্দেহ কৰি আৰক্ষীৰ ৰিপ’ৰ্ট দাখিল কৰে।

তাৰ পিছতে মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰা হয় এই সময়ত এই মহিলাগৰাকীৰ স্বামীও বিচাৰৰ আওতালৈ আহিছিল আৰু ২০২০ চনৰ ১০ জানুৱাৰীত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত অভিযুক্ত চি ই লিং পত্নীৰ বিৰুদ্ধে ধৰ্ষণ গোচৰৰ দোষী প্ৰমাণিত হয়। ইয়াৰ বাবে তেওঁৰ ৭ বছৰ কাৰাদণ্ড হ’ব পাৰে৷ অৱশ্যে অভিযুক্তৰ অধিবক্তা নাকুৰ্ছা আব্দুল কাদিৰে কয় যে তেওঁৰ ক্লায়েণ্টে যিহেতু স্বীকাৰোক্তি পত্ৰ লিখিছে, গতিকে তেওঁৰ শাস্তি দুবছৰৰ পৰা ডেৰ বছৰ ধৰি কৰিব লাগে।