আঢ়ৈ বছৰে বন্ধ কোঠা, ওলাই আহিছিল পোক, দুৱাৰ খুলি কি পালে আৰক্ষীয়ে?

আঢ়ৈ বছৰ ধৰি বৃদ্ধাগৰাকীক চুবুৰীয়াই দেখা নাছিল৷ ফ্লেটৰ পৰা ওলাই অহা নাছিল। স্থানীয় বাসিন্দাসকলে আৰক্ষীক অৱগত কৰা স্বত্বেও সহাৰি নাপালে। অৱশেষত আঢ়ৈ বছৰৰ অন্তত ফ্লেটৰ পৰা গেলি-পচি যোৱা মৃতদেহ উদ্ধাৰ হয়। হাউচিং কৰ্তৃপক্ষই মহিলাগৰাকীৰ একাউণ্টৰ পৰা ফ্লেটটোৰ ভাড়া কৰ্তন কৰি আহিছিল। ফেব্ৰুৱাৰী মাহত আৰক্ষীয়ে দক্ষিণ-পূব লণ্ডনৰ পেকহাম জিলাৰ এটা বাসগৃহৰ পৰা ৫৮ বছৰীয়া শীলা চেলেনৰ মৃতদেহ উদ্ধাৰ হয়। ২০১৯ চনৰ গ্ৰীষ্মকালৰ শেষত শীলাৰ ফ্লেটৰ পৰা দুৰ্গন্ধ ওলাইছিল। ফ্লেটৰ পৰা পোক-পতংগ ওলাই অহা দেখা গৈছিল।
নীলা পায়জামা আৰু বগা টপ পিন্ধা মানুহজনৰ পচা শৰীৰটো ফ্লেটৰ চোফাত পৰি আছিল। বিশেষভাৱে পৰীক্ষা কৰিহে শীলাৰ শৰীৰ বুলি চিনাক্ত কৰা হৈছে। আৱাসীসকলে বাৰে বাৰে হাউচিং এছ’চিয়েচন আৰু আৰক্ষীক শীলাৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰিছিল। কিন্তু বিষয়টোক গুৰুত্ব দিয়া নাছিল। শেষবাৰৰ বাবে ২০১৯ চনৰ আগষ্টত জীৱিত অৱস্থাত দেখা গৈছিল শীলাক। শীলাৰ মৃত্যু স্বাভাৱিক নে হত্যা কৰা হৈছে সেয়া স্পষ্ট নহয়?
আদলত কৰ্তৃপক্ষই মেট্ৰ’পলিটান পুলিচ নিয়ন্ত্ৰকক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে। মেট্ৰ’পলিটান পুলিচৰ তদন্ত বিভাগৰ মুৰব্বী ইন্সপেক্টৰ আমাণ্ডা মাহুইনিয়ে আদালতক কয় যে দায়িত্ব প্ৰাপ্ত বিষয়াজনে যোৱা বছৰ অৱসৰ লৈছে। বিভাগীয় অনুশাসন উলংঘা কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব। ফেডাৰেল মেট্ৰ’পলিটান পুলিচৰ ডিটেকটিভ চাৰ্ভেণ্ট স্কট ফিচাৰে শীলাৰ মৃতদেহ উদ্ধাৰ কৰি কোঠা বহু সন্দেহজনক পদাৰ্থ উদ্ধাৰ কৰে৷ লণ্ডনৰ দৰে সম্ভ্ৰান্তৰ চহৰত ঘৰৰ বৃদ্ধৰ এনে মৃত্যুক লৈ সকলো হতবাক। চুবুৰীয়াসকল শীলাৰ মৃত্যুত আচৰিত হয়৷