Local, Vocal, Global

আজি মে-ডাম-মেফি…

টাই আহোম জনগোষ্ঠীয় লোকসকলে উপৰিপুৰুষক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগতভাৱে মে-ডাম-মেফি অনুষ্ঠান কৰি আহিছে।আজি ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে জনগোষ্ঠীয় লোকসকলে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে।উজনিৰ অসমৰ প্ৰতি খন জিলাতে পৃথকে পৃথকে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে।উল্লেখ্য যে মে-ডাম-মেফি হ’ল তাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামজিক পৰম্পৰাগত উৎসৱ।এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে।এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজ তথা দেশৰ মংগলৰ আশীৰ্বাদ বিচাৰে