Local, Vocal, Global

অৰ্চনাৰ কোঠালৈ আহি অন্তৰংগ মুহূৰ্তত কেমেৰাত বন্দী প্ৰভাৱশালী নেতা, নিবনুৱা অৰ্চনাৰ আছে ৩.৪০ কোটিৰ ঘৰ

প্ৰভাৱশালী ৰাজনৈতিক দলৰ নেতাক ফান্দত পেলাই লিপ্ত হৈছিল গোপন অভিসাৰত৷ সকলো দৃশ্য কৰিছিল ৰেকৰ্ড৷ ৰেকৰ্ড কৰা ভিডিঅ’ৰে ব্লেকমেইল কৰি ধন ঘটিছিল মহিলাই৷ এনে কাণ্ড সংঘটিত কৰাত সহায় কৰিছিল মহিলাৰ স্বামীয়ে৷ মহিলাৰ নাম অৰ্চনা নাগ৷ ওড়িশাৰ বাসিন্দা৷ প্ৰৱঞ্চনাৰ অভিযোগত অৰ্চনা নাগক গ্ৰেপ্তাৰৰ পিছতে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছিল। শেহতীয়াকৈ প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডি-এ অৰ্চনাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। অভিযোগ নামাত উল্লেখ কৰা হৈছে যে ওড়িশাৰ এজন ৰাজনীতিবিদ অৰ্চনাৰ ফান্দত পৰিছিল। ৰাজনীতিবিদ জন পেছাত এজন ব্যৱসায়ীও।

এই ৰাজনীতিবিদ জন কোন তাকে লৈ ওড়িশাত আৰম্ভ হৈছে বহু জল্পনা-কল্পনা। শেহতীয়াকৈ কেন্দ্ৰীয় তদন্ত সংস্থা ইডিয়ে ভূৱনেশ্বৰৰ জিলা আৰু সত্ৰ আদালতত অৰ্চনা আৰু স্বামী জগবন্ধু চান্দৰ বিৰুদ্ধে ২,২৪১ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত এটাৰ পিছত এটাকৈ চাঞ্চল্যকৰ অভিযোগ অনা হৈছে। য’ত ৰাজনীতিবিদজনৰ নাম উল্লেখ কৰা হৈছে। দাবী কৰা হৈছে যে অৰ্চনাই নয়াগড়ৰ ৰাজনৈতিক নেতাজনক ব্লেকমেইল কৰিছিল। ৰাজনৈতিক নেতাজন কোন দলৰ সেই কথা উল্লেখ কৰা নাই৷

অভিযোগ কৰা হৈছে যে অৰ্চনাই প্ৰভাৱশালী লোকক প্ৰায়ে ফান্দত পেলাইছিল৷ শাৰীৰিক সম্পৰ্ক কৰি ফান্দত পেলাই ধন লুটিছিল। অৰ্চনাই অন্তৰংগ মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ কৰি লিক কৰাৰ ভাবুকি দিছিল। ওড়িশাৰ ৰাজনৈতিক প্ৰভাৱশালী বহু লোক তালিকাত আছে।

নয়াগড় কংগ্ৰেছৰ সভাপতি ৰঞ্জিত দাসে কয় যে অৰ্চনাৰ ফান্দত পৰি প্ৰতাৰিত হোৱা নয়াগড়ৰ ৰাজনৈতিক নেতাজনৰ নাম ইডিয়ে প্ৰকাশ কৰা উচিত। মানুহে জানিব লাগে কোনে নয়াগড়ক বদনাম কৰিছে। বিজেপি কিষাণ মৰ্চাৰ সম্পাদক সন্তোষ প্ৰধানে কয় যে কোনো পলম নকৰাকৈ নেতাজনৰ নাম প্ৰকাশ কৰিব লাগে। অৰ্চনাই ছবি প্ৰযোজক অক্ষয় পৰিজাৰ পৰা ভাবুকি দি ধন সংগ্ৰহ কৰিছিল। অৰ্চনাই সহযোগী শ্ৰদ্ধাঞ্জলিৰ সহায়ত প্ৰযোজকক ব্লেকমেইল কৰিছিল। অৰ্চনাৰ কোনো উপাৰ্জনৰ পথ নাই যদিও ৩.৪০ কোটি টকাৰ এটা বিলাসী ঘৰ থকাৰ লগতে বহু সম্পত্তিৰ মালিক৷ ইতিমধ্য ঘৰটো জব্দ কৰা হৈছে।