অৰুণাচলৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ইখনৰ পাছত সিখন আসন বিজেপিৰ দখললৈ!
নিউজ ডেস্ক,২৮মাৰ্চ : নিৰ্বাচন নহওঁতেই সমষ্টি জয় ইজনৰ পাছত সিজনৰ! বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মনোনয়নেই নিদিলে বিৰোধীয়ে।
অৰুণাচলৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ইখনৰ পাছত সিখন আসন বিজেপিৰ দখললৈ! মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা একাধিক সমষ্টিত নপৰিল বিৰোধীৰ মনোনয়ন। বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পথ প্ৰশস্ত বিজেপিৰ পাঁচগৰাকীকৈ প্ৰাৰ্থীৰ। বিধানসভালৈ বাট প্ৰশস্ত মুক্ত সমষ্টিৰ বিজেপি প্ৰাৰ্থী মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ।
চাগালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ইঞ্জিনীয়াৰ ৰতু টেছী, তালি সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিক্কে টাক’, টালিহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিয়াটু ডুকম আৰু ৰইং সমষ্টিৰ বিজেপি প্ৰাৰ্থী মুছু মিথিৰ বিধানসভালৈ বাট প্ৰশস্ত। কিয়নো এই পাঁচটাকৈ সমষ্টিত নপৰিল কোনো বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ।
১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ ৬০ টা বিধানসভা আৰু দুটা লোকসভা সমষ্টিৰ নিৰ্বাচন। বুধবাৰে আছিল বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। উল্লেখ্য যে অহা ৩০ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনলৈ আৰু একাধিক সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দীতাৰে জয়ী হোৱাৰ সম্ভাৱনা।
লগতে পঢ়ক : Dilapidated bridge in Abhayapuri : এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰৰ উন্নয়নৰ নমুনা