Local, Vocal, Global

অসমত নীতিশ-চন্দ্ৰবাবুৰ দৰে নেতাৰ প্ৰয়োজন আছে নেকি ?

নেশ্যনেল ডেস্ক,২৪জুলাই : অসমত নীতিশ-চন্দ্ৰবাবুৰ দৰে নেতাৰ প্ৰয়োজন আছে নেকি ?বিহাৰক ‘কৃপা’,অন্ধ্ৰপ্ৰদেশলৈ ‘দৃষ্টি’ আৰু বাকীবোৰলৈ কেৱল আশ্বাস

এইবাৰৰ বাজেটখন সৰ্বসাধাৰণে কল্পনা তথা চিন্তা কৰি থকাৰ দৰে নহ’ল। বাজেটত চৰকাৰে উদ্যোগৰ ক্ষেত্ৰৰ প্ৰতি অধিক উদাৰতা আৰু জি এছ টি হ্ৰাস কৰিব বুলি আশা কৰা হৈছিল। সৰ্ব সাধাৰণেও আশাপালি হৈ ৰৈ আছিল যে, এইবাৰৰ বাজেটত এনে প্ৰসংগই স্থান পাব। কিন্তু দেখা গ’ল কেৱল সোণ, ৰূপ, তামকে ধৰি মাত্ৰ কেইপদমান সামগ্ৰী আৰু নিৰ্ধাৰিত ঔষধৰ মূল্য হ্ৰাসতে বাজেট সীমাবদ্ধ থাকিল। আয়কৰৰ ক্ষেত্ৰত বিশেষ ৰেহাই এইবাৰৰ বাজেটে দিব বুলিও যথেষ্ট চৰ্চা হৈছিল। কিন্তু অৱশেষত এই সকলোবোৰ চৰ্চাত চেচাঁ পানী পৰিল। মধ্যবিত্তৰ বেংক একাউন্টত যে, এইবাৰৰ বাজেটে বেছি টকা জমা হ’বলৈ নিদিয়ে সেই কথাত স্পষ্ট হৈ পৰিল।

আপোনাৰ মাহিলী উপাৰ্জন কিমান ? যদিহে ২৫হাজাৰ টকাতকৈ এটকাও বেছিকৈ উপাৰ্জন কৰে । তেন্তে এইবাৰৰ পৰা আপুনি কৰ দিবলৈ সাজু হওঁক।

কিয়নো ২০২৪-২৫বৰ্ষৰ বাজেটত আয় কৰৰ নতুন গাথঁনি অনুসৰি বছৰি ৩লাখৰ ওপৰত উপাৰ্জন কৰা সকলে ভৰিব লাগিব ৫শতাংশ টেক্স। নীতিশ-চন্দ্ৰবাবুক সুখী কৰিবলৈ এই বাজেটে পাৰ্যমানে চেষ্টা চলোৱাটো একপ্ৰকাৰৰ স্পষ্ট হৈ পৰিছে । কিয়নো এইবাৰ বাজেটত বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশক যথেষ্ট গুৰুত্ব দিয়া হৈছে। বাজেটত দুয়োখন ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ উপৰিও ৰাজ্য দুখনৰ বাবে আছে বিশেষ বিত্তীয় ঘোষণা। অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথখন বাজেটত
থাকিল।

সেইকাৰনে কোৱা হৈছে । অসমত নীতিশ-চন্দ্ৰবাবুৰ দৰে নেতাৰ প্ৰয়োজন আছে নেকি ?

কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সা সামগ্ৰী আজুৰি অনাৰ ক্ষেত্ৰত আজিৰ তাৰিখত অসমত শক্তিশালী আৰু বিক্ষেপ ৰাজনৈতিক নেতাৰ প্ৰযোজন হৈ পৰিছে।এই কথাই যেন প্ৰমাণ কৰিলে নিৰ্মালা সীতাৰামৰ বাজেটে।বানত ককবকাই থকা অসমীয়াক কেৱল বিশ্বাস।

অসমৰ তুলনাত বিহাতৰ বানপানীয়ে নাই এই বছৰ তাৰপিছতো বিহাৰে পালে ১১ হাজাৰ ৫০০ কোটি টকা। বাজেটক লৈ দেশত বিৰোধীৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাও যেন বুজিব পাৰিছে এই বাজেট হৈছে কেৱল গাদী বাচাও বাজেট।

লগতে পঢ়ক : Ganja Seized in Nagaon : নগাঁও আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী