অসমতেই অসমীয়া ভাষাক চৰম অপমান! অসমীয়াত লিখা অভিযোগ পত্ৰ প্ৰত্যাখ্যান কৰি কৃষকক ধমক ONGC বিষয়াৰ
মেৰাপানী,২৭জুন : মেৰাপানীত অসমীয়া ভাষাক চৰম অপমান অ’. এন. জি. চি বিষয়াৰ। অসমীয়া ভাষাত লিখা অভিযোগ প্ৰত্ৰ প্ৰত্যাখ্যান কৰি ধমক চলংপথাৰ তৈল খাদৰ সংস্থাপন মেনেজাৰৰ। মেৰাপানী চলংপথাৰত তৈল খাদ নিমাৰ্ণৰ ফলত স্থানীয় কেইজনো কৃষকৰ কৃষিভুমি অনিষ্ট কৰাৰ লগতে বহু কৃষি ভুমি পানীত ডুব গৈ থকাৰ ফলত কৃষক সকল দীঘ দিন ধৰি যথেষ্ঠ অসুবিধাৰ সন্মুখীন হোৱাত সংস্থাপন মেনেজাৰক এখন লিখিত অভিযোগ দাখিল কৰিছিল।
অভিযোগ প্ৰত্ৰ অসমীয়া ভাষাত দিয়াৰ বাবে সংস্থাপন মেনেজাৰে কৃষক কেইজনক বিভিন্ন ধৰণে গালি-গালাজ পাৰে। উল্লেখযোগ্য যে মেনেজাৰ জনৰ এনে কাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়।
ইয়াৰ পাছতেই অসমীয়া ভাষাটোক লৈ অপমানসূচক মন্তব্য দিয়াত জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অ’ এন জি চিৰ বিষয়াজনক ৰাজহুৱা ভাৱে ক্ষমা খুজাৰ লগতে কৃষক সকলৰ কৃষি ভুমি পুনৰ কৃষি উপযুক্ত কৰি দিবলৈ দাবী জনায়। অন্যথা অ’ এন জি চিৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
লগতে পঢ়ক : জামুগুৰিহাটত একতাৰ নিদৰ্শন