অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক পাঞ্জু কুমাৰ দাসৰ বিয়োগ
জাতীয়তাবাদী নেতা তথা অনুসূচিত জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰা পাঞ্জু কুমাৰ দাসে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক আছিল পাঞ্জু কুমাৰ দাস৷ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পাঞ্জু কুমাৰ দাস কিছুদিন ধৰি অসুস্থ হৈ আছিল৷ পৰিয়ালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷
চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয় পাঞ্জু কুমাৰ দাসে৷ পাঞ্জু কুমাৰ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ পাঞ্জু কুমাৰ দাসৰ মৃত্যুত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতা সঞ্জীৱ দাসে গভীৰ শোক প্ৰকাশ কৰি এই মৃত্যু বৃহৎ ক্ষতি বুলি কয়৷