Local, Vocal, Global

ৰে’লৱে আৰক্ষীৰ বৃহৎ সফলতাত উদ্ধাৰ ১.৭ কোটিৰ ১৭০ কেজি গাঞ্জা

নিউজ ডেস্ক ,২৫ এপ্ৰিল :-ৰে’লৱে আৰক্ষীৰ প্ৰচেষ্টাত গতিশীল ৰে’লৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১.৭ কোটিৰ ১৭০ কেজি গাঞ্জা ।

হোজাইৰ ঢলপুখুৰী ষ্টেচন আৰু চাপৰমুখ ষ্টেচন ষ্টপেজত ৰে’লখনৰ পৰা হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়েস্থৰ উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ।

ৰেল খনে গতি কৰি থকা অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১৭০ কেজি গাঞ্জা। ১৫০ টা পেকেটত আছিল গাঞ্জাখিনি। উদ্ধাৰকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১.৭ কোটি টকা ।

অতি সংগোপনে হবিগঞ্জ অভিমূখী ৰাণী কমলাপতি স্পেচিয়েল ফেয়াৰ ট্ৰেইনত সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি। গাঞ্জাখিনি ট্ৰেইনখনৰ লেট্ৰিনৰ পানীৰ টেংকীৰ ভিতৰত লুকুৱাই জ্বালাই কৰি থোৱা আছিল।

হোজাই আৰক্ষীয়ে হাফলঙ ষ্টেচনৰ পৰা ৰে’লৰ ভিতৰত অভিযান আৰম্ভ কৰিছিল।

ইতিমধ্যে ৪ জন লোকক আটক কৰিছে হোজাই আৰক্ষীয়ে । লোক কেইগৰাকী- পশ্চিম কাৰ্বিআংলঙৰ কাৰ্বিআংলঙৰ খেৰণীৰ উত্তম কুমাৰ চৌহান ,অতুল চৌহান, কৰুণা নিধি মিশ্ৰ আৰু লংকাৰ খাৰিখানাৰ সুৰজ চৌহান।

ৰে’লৱে আৰক্ষীৰ বৃহৎ সফলতাত গতিশীল ৰে’লৰ পৰা উদ্ধাৰ ১.৭ কোটিৰ ১৭০ কেজি গাঞ্জা লগতে আটক কৰে ৪ জনকে সৰবৰাহকাৰীক ।