ৰে’লপথত বহি আছিল যুৱক, দুছোৱা কৰি পাৰ হৈ গ’ল ৰেলগাড়ী

নিউ ময়নাগুৰী-যোগীঘোপা সংযোগী ৰেলপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা৷ ৰেলত কটা গৈ এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱক নিহত হৈছে৷ গৌৰীপুৰৰ আৰক্ষী থানা এলেকাৰ আলমগঞ্জ আমবাৰীত ৰেলপথত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ৷ মালবাহী ৰেলত বিকাৰগ্ৰস্ত যুৱকজন কটা যায়৷ মালবাহী ৰেলখনৰ পাইলটে বিকাৰগ্ৰস্ত যুৱকজনক ৰক্ষা কৰিবৰ বাবে প্ৰয়াস কৰি বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ বহি থকা অৱস্থাতে বিকাৰগ্ৰস্ত যুৱকজন কটা যায়৷
যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই৷ গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে৷ একাংশ লোকে যুৱকজনে আত্মহত্যা কৰিব পাৰে বুলিও সন্দেহ কৰিছে৷