ৰিজাৰ্ভ বেংকৰ উপহাৰঃ টকাত লিখিব পাৰিব I Love You❤

ডিজিটেল ডেস্কঃ- ভাৰতীয় নোটৰ ক্ষেত্ৰত পুনৰ নতুন সিদ্ধান্ত ল’লে ৰিজাৰ্ভ বেংকে। আৰ বি আইয়ে ১০০,২০০,৫০০ টকীয়া নোট সন্দৰ্ভত এইবাৰ জাৰী কৰিলে নতুন গাইডলাইন। জানো আহক সম্পূৰ্ণ আৰু সবিশেষ তথ্য। এতিয়াৰে পৰা ১০০, ২০০ আৰু ৫০০ টকীয়া নোটত আপুনিও লিখিব পাৰিব “I Love You” (মই তোমাক ভালপাওঁ)
এক বৃহৎ ভুল বুজাবুজিয়ে আমাৰ মাজত এটা বিভ্রান্তি সৃষ্টি কৰিছে যে বিমুদ্ৰাকৰণৰ পিছত ১০০, ২০০ আৰু ৫০০ টকীয়া নোটত কিবা লিখা হয় তেতিয়া সেই নোটসমূহ মূল্যহীন হৈ পৰিব। কিন্তু বেংকনোটত যিকোনো কথা লিখিলে সেইটো অবৈধ নহয়। একে সময়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে আশা কৰে যে মানুহে মুদ্ৰাৰ নোটত একো লিখিব নালাগে কাৰণ ইয়াৰ ফলত নোটখন নষ্ট হ’ব আৰু লগতে নোটৰ আয়ুসও হ্ৰাস পাব। অৱশ্যে ইয়াত ডাঙৰ কথাটো হ’ল যে যদি আপুনি ১০০০, ২০০০, ৫০০, ২০০ , ১০০ , ৫০ আৰু ২০ টকীয়া নোটত কিবা লিখা থাকে তেন্তে কোনো ভয় নোহোৱাকৈ বৈধ বুলি গণ্য কৰিব পাৰে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা ভুৱা বাতৰিৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে চৰকাৰী তথ্য পৰীক্ষক পিআইবি ফেক্ট চেকে ওপৰৰ বিষয়টো আলোকপাত কৰিছে। এই ভুৱা বাৰ্তাটোত দাবী কৰা হৈছে যে আৰ বি আইৰ নতুন গাইডলাইন অনুসৰি নতুন নোটত যিকোনো কথা লিখিলে সেইবোৰ অবৈধ হৈ পৰে।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰিত কোৱা হৈছে যে, ‘ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গাইডলাইন অনুসৰি নতুন নোটত যিকোনো কথা লিখিলে নোটখন অবৈধ হৈ পৰে আৰু ইয়াৰ কোনো আইনী বৈধতা নাথাকিব।’
ওপৰৰ দাবীটোক ভুৱা বুলি অভিহিত কৰি পিআইবি ফেক্ট চেকে টুইট কৰি কয় যে, ‘নাই, লিপিবদ্ধ বেংক নোটসমূহ অবৈধ নহয় আৰু আইনীভাৱে বাহাল থাকিব।
আৰ বি আইয়ে কি কয় এইক্ষেত্ৰত।
আৰ বি আইৰ ক্লিন নোট নীতিৰ অধীনত ব্যৱহাৰকাৰীসকলক অনুৰোধ কৰা হৈছে যে মুদ্ৰা নোটত একো লিখিব নালাগে কাৰণ ইয়াৰ ফলত ইয়াৰ আয়ুস হ্ৰাস পায়। পিআইবিয়ে কয়, “ক্লিন নোট নীতিৰ অংশ হিচাপে মানুহক মুদ্ৰা নোটত লিখিব নালাগে কাৰণ ইয়াৰ ফলত নোট নষ্ট হয় আৰু শ্বেল্ফ লাইফ হ্ৰাস পায়।” কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, কোনো কথা লিখিলে নোট এখন অবৈধ হৈ নাযায়।
ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম অনুসৰি যদি আপোনাৰ হাততো পুৰণি বা বিকৃত নোট আছে, তেন্তে আপুনি একেবাৰেই চিন্তা কৰিব নালাগে। এতিয়া বেংকৰ যিকোনো শাখাত গৈ এনে নোট বিনিময় কৰিব পাৰিব। বেংকৰ কোনো কৰ্মচাৰীয়ে আপোনাৰ নোট বিনিময় কৰিবলৈ অস্বীকাৰ কৰিলেও অভিযোগ কৰিব পাৰে।