ৰাজ্যিক কৃতী শিক্ষক পূণ্যনাথ পাংগিঙক বিদায় সম্বৰ্ধনা

জ্যোতিষ কুমাৰ পাটিৰৰ ৰিপৰ্টঃ সফলতাৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুক বিদায় জনাবলৈ ওলাই আহিল শিক্ষক, শিক্ষাৰ্থী তথা দল-সংগঠন। এই উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক পূণ্যনাথ পাংগিঙক জনোৱা হয় বিদায় সম্বৰ্ধনা। বানবিধ্বস্ত অঞ্চল কলাখোৱা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্যনাথ পাংগিঙে আজি চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে।
কৃতী শিক্ষক পূণ্যনাথ পাংগিঙক ফুলাম গামোচা, জাপি, ফুলৰ থুৰা, বিভিন্ন উপহাৰ, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰ আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে ৰূপজ্যোতি বৰুৱাক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈ, যুৱ নেতা নবীন মিলি আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।