ৰাজ্যৰ সুপৰিচিত লেখিকা সন্দিকৈ কলেজৰ অধ্যাপিকা, সুলেখিকা, অভিনেত্ৰী শ্ৰুতিমালা দুৱৰাৰ দেহাৱসান৷

ডিজিটেল ডেস্কঃ-ৰাজ্যৰ সুপৰিচিত লেখিকা সন্দিকৈ কলেজৰ অধ্যাপিকা, সুলেখিকা, অভিনেত্ৰী শ্ৰুতিমালা দুৱৰাৰ দেহাৱসান৷ সোমবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপিকা গৰাকীয়ে৷
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট লেখিকা তথা গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যাপিকা শ্ৰুতিমালা দুৱৰা।
উল্লেখ্য যে, নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল শ্ৰুতিমালা দুৱৰা।এগৰাকী দ্বিভাষিক লেখিকা হিচাপে দুৱাৰা আছিল অতি জনপ্ৰিয়।
শ্ৰুতিমালা দুৱৰাৰ ইংৰাজী ভাষাৰ গ্ৰন্থ সমূহৰ ভিতৰত আছে দ্য ছানচেট আৱাৰ এণ্ড আদাৰ ষ্ট’ৰীজ (১৯৯৮), ৱেইটিং ফ’ৰ দ্য লাষ্ট ব্ৰেথ (১৯৯৯), দ্য ঝুলন ইভিনিং (২০০০) আৰু দ্য মিছিং লিংক।
খবৰ অনুসৰি কেইবছৰমান আগতে শ্ৰুতিমালা দুৱৰাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল।
শেহতীয়াকৈ তেওঁ ‘মাই জাৰ্ণি থ্ৰ কেন্সাৰ’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰিছিল, য’ত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল।
প্ৰখ্যাত লেখিকা, শিক্ষাবিদগৰাকীৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে ৰাজ্যৰ সাহিত্য জগতখনৰ লগতে তেওঁৰ অলেখ গুণমুগ্ধক।