ৰক্ষককেই ভক্ষক, এইবাৰ ভক্ষকৰ ৰূপত ৰেল কৰ্মচাৰী।

নিউজ ডেস্ক,২৫ এপ্ৰিল:- লামডিংত ৰেলৱেৰ চোৰাং লোহাৰ কলা বেহাৰ লগত জড়িত স্বয়ং ৰেল সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক আৰু ৰেল কৰ্মচাৰী।
দেওবাৰে লামডিং ৰেলৱে সুৰক্ষা বাহিনীয়ে এক অভিযান চলাই জব্দ কৰে AS12E7167 নম্বৰৰ ট্ৰাক খন লগতে জব্দ কৰে ১৩ টন চোৰাং লোহা ।
চোৰাং লোহাৰ কলা বেহাৰ লগত জড়িত থকাৰ সন্দেহত বৰ্তমান লৈকে মুঠ ৬ জনক আটক কৰিবলৈ সক্ষম হয় । লামডিং ৰেলৱে সুৰক্ষা বাহিনী (RPF) এয়াৰে এজন স্বয়ং হোজাইৰ ৰেলৱে সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক, আৰু লামডিং ৰেলৱে ডিজেল শ্বেড কাৰ্যালয়ৰ পাল উপাধিৰ এগৰাকী জ্যেষ্ঠ অভিযন্তা।
প্ৰাপ্ত তথ্য অনুসৰি, লামডিংত চলি থকা চোৰাং লোহাৰ কলা ব্যৱসায়ৰ লগত আৰু বহু ব্যক্তি আটক হোৱাৰ সম্ভৱনা আছে। বৰ্তমান লামডিং RPF এ তদন্ত অব্যাহত ৰাখিছে।