Local, Vocal, Global

৩ দিনত ৭ খন মহাদেশ ভ্রমণ, বিশ্ব অভিলেখ গঢ়িলে দুই ভাৰতীয়ই

নিউজ ডেস্কঃ মাত্র ৩ দিনৰ ভিতৰতে ৭ খন মহাদেশ ভ্রমণ কৰি বিশ্ব অভিলেখ গঢ়িলে দুই ভাৰতীয় নাগৰিকে।
তিনিদিন, এক ঘন্টা, পাঁচ মিনিট আৰু চাৰি ছেকেণ্ডত সাতখন মহাদেশ পৰিভ্ৰমণ কৰিবলৈ সক্ষম হয়। এই যাত্ৰা কৰি দুজন ভাৰতীয় লোকে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে।

দুজন ভাৰতীয় পুৰুষ ড° আলী ইৰানী আৰু সুজয় কুমাৰ মিত্ৰই নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে মাত্ৰ ৭৩ ঘণ্টাত। তেওলোকে সাতখন মহাদেশ ভ্রমণ কৰিবলৈ সক্ষম হয় অতি কম সময়ত।
ৰেকৰ্ড বুকখনে ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি সাতখন মহাদেশ যাত্ৰা কৰাৰ আটাইতকৈ কম সময় ৩ দিন, ১ ঘণ্টা, ৫ মিনিট, ৪ ছেকেণ্ড আৰু ইয়াক অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত সুজয় কুমাৰ মিত্ৰ আৰু ডাঃ আলী ইৰাণীয়ে লাভ কৰিবলৈ সক্ষম হয় ২০২২ চনৰ ৭ ডিচেম্বৰত।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে, সুজয় আৰু ডাঃ আলী প্ৰথম ভ্ৰমণকাৰী যিয়ে সকলো অভিলেখ ভংগ কৰিবলৈকে এই প্ৰস্তুতি চলাইছিল। আজি আমি হয়তো অভিলেখ ভংগ কৰাত সফল হৈছো, কিন্তু কাইলৈ হয়তো ​​আন কোনোবাই আমাৰ অভিলেখ ভংগ কৰিব। দুয়োগৰাকী অভিলেখকাৰীয়ে মত প্রকাশ কৰে।

ড° আলীয়ে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণপত্ৰও শ্বেয়াৰ কৰে।চাৰি দিনৰ ভিতৰত ইৰানী আৰু মিট্ৰই সাতখন মহাদেশ-এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এন্টাৰ্কটিকা, আৰু ওচেনিয়া ভ্ৰমণ কৰে।তেওলোকে ৪ ডিচেম্বৰত এন্টাৰ্কটিকাত যাত্ৰা আৰম্ভ কৰে আৰু ৭ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হৈ অবিশ্বাস্য বিশ্ব অভিলেখ সৃষ্টি কৰে।