Local, Vocal, Global

২৮ বছৰীয়া বোৱাৰী প্ৰেমত পৰিল ৭০ বছৰীয়া শহুৰেকৰ লগত,এতিয়া শহুৰেকৰ প্ৰেমত হাবু-ডুবু বোৱাৰী !

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ফটোখনক লৈ দেশজুৰি চৰ্চা।৭০ বছৰীয়া বৃদ্ধৰ তেওঁৰ ২৮ বছৰীয়া বোৱাৰীৰ অবৈধ প্ৰেম৷গোৰখপুৰত ৭০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ দিছিল ওচৰ-চুবুৰীয়াই৷ গোচৰ দেখি মুৰে কপালে হাত দিলে আৰক্ষীয়ে৷ পুত্ৰবধু পূজাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ পাছত নিজ ইচ্ছাৰেই গোপনে বিয়া কৰাইছিল শহুৰেক কৈলাশ যাদৱে৷ ইয়াৰ পাছতেই ভাইৰেল এই ঘটনা৷ আচলতে বৰহলগঞ্জ অঞ্চলৰ কৈলাশ যাদৱ ছাপিয়া উমৰাও গাৱঁৰ বাসিন্দা বৰহলগঞ্জ থানাৰ চকীদাৰ৷ আৰু সেইবাবেই ঘটনাৰ ভিত্তিত ব্যৱস্থা ল’বলৈ গৈ বিমোৰত পৰিল আৰক্ষী প্ৰশাসন৷
১২ বছৰ আগতে পত্নীক হেৰুৱাই কৈলাশ যাদৱে কাকো নজনোৱাকৈ তেওঁৰ বোৱাৰীক বিয়া কৰাইছিল, আনকি তেওঁৰ চুবুৰীয়াকো কোৱা নাছিল এই কথা৷ জোৱাইয়েকৰ মৃত্যুৰ পিছত, দেউতাকে পুনৰ বিয়া কৰাইছিল পুজাৰ, কিন্তু দ্বিতীয় স্ৱামীৰ ঘৰত সুখী হ’ব নোৱাৰি পুনৰ প্ৰথম স্ৱামীৰ ঘৰলৈ ঘূৰি আহিল বোৱাৰী৷ কোৱা হয় প্ৰেমে নামানে বয়সৰ ঠিকনা, কিন্তু বৰ্তমানে প্ৰেমে নামানে সম্পৰ্কও ৷ সেয়েহে বয়সক আওকান কৰি সামাজিক বাধাকে আতৰাই বিয়াই পাতি পেলালে শহুৰেকে৷ আৰু তাৰ পাছতেই অঞ্চলজুৰি আলোচনাৰ বিষয় হৈ পৰিছে ককাৰ সৈতে বোৱাৰীৰ প্ৰেম৷