হেলেম আৰক্ষীৰ বৃহৎ সাফল্য, শিশু সৰবৰাহকাৰী ৰোহিত গোৱালাক আটক

নিউজ ডেস্ক ২৭, এপ্ৰিল:- অৰুণাচললৈ শিশু সৰবৰাহ আৰু বিক্ৰী কৰা চক্ৰৰ মূল অভিযুক্ত ৰোহিত গোৱালাক আটক কৰিবলৈ সক্ষম হৈছে হেলেম আৰক্ষীয়ে।
শিশু সৰবৰাহকাৰীৰ মূল নায়ক ৰোহিত গোৱালাক আটক কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে গুজৰাট আৰক্ষীয়ে ।
শিশু সৰবৰাহৰ সৈতে জড়িত থকা ব্যক্তি কেইগৰাকী ক্ৰমে কাৰিবিল চাপৰিৰ ৰোহিত গোৱালা, আলবিশ ওৰাং আৰু বাব্লু গোঁড়।
বিগত কেইবাদিনৰ পৰাই হেলেমৰ কাৰিবিল চাপৰিৰ তিনি শিশু সৰবৰাহকাৰীয়ে শিশু অপহৰণ কৰি নি অৰুণাচলত বিক্ৰী কৰাৰ ঘটনা সংঘটিত কৰি আহিছিল।
শিশু সৰবৰাহকাৰী আলবিশ ওৰাং আৰু বাব্লু গোঁড়ক অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা শিশু সৰবৰাহ কৰি অৰুণাচলত বিক্ৰী কৰি অহা তথ্যৰ ভিত্তিত জেইল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও মূল অভিযুক্ত ৰোহিত গোৱালা পলাতক হৈ আছিল।
সৰবৰাহকাৰীৰ মূল অভিযুক্ত ৰোহিত গোৱালাৰ সন্ধান অব্যাহত ৰখা হেলেম আৰক্ষীয়ে মঙলবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি কাৰিবিল চাপৰি গাঁওৰক্ষী বাহিনীৰ সহযোগত আত্মগোপন কৰি থকা ৰোহিত গোৱালাক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখ্য ,অৰুণাচলত বিক্ৰী কৰা কৰ্মকাৰ উপাধিৰ এগৰাকী ৮ বছৰীয়া শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।