সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানীৰ বিয়াৰ দিন ঘোষণা

গোটেই বছৰজুৰি চলিছিল বলিউদৰ এহাল প্ৰেমিক-প্ৰেমিকাৰ চৰ্চা৷ অনুৰাগীসকলৰ পৰা লুকুৱাই সকলো গোপনে ৰাখিলেও সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ সম্পৰ্কক লৈ চৰ্চা অব্যাহত থাকে৷ এইবাৰ চৰ্চা মতে, নতুন বছৰৰ আৰম্ভণিতে বিবাহ পাশত আৱদ্ধ হ’ব পাৰে সিদ্ধাৰ্থ আৰু কিয়াৰা।
৬ ফেব্ৰুৱাৰীত বিয়াৰ কথা চলিছে। চিড-কিয়াৰাৰ পৰিয়ালে এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই। বিয়াখন ৰাজস্থানৰ জয়চলমেৰত অনুষ্ঠিত হ’ব। বিবাহ অনুষ্ঠান এখন বিলাসী হোটেল অনুষ্ঠিত হ’ব। অতিথিসকলক আমন্ত্ৰণ জনোৱা হ’ব।
কিয়াৰা গোটেই বছৰটো চিনাৰ শ্বুটিঙত ব্যস্ত আছিল। ২০২২ চনত ইখনৰ পিছত সিখন চলচ্চিত্ৰ মুক্তি পাইছে। বছৰটোৰ শেষত আহিছিল ‘গোবিন্দ নাম মেৰা’। এইবাৰ নতুন বছৰৰ আৰম্ভণিতে জীৱনৰ দ্বিতীয় সম্পূৰ্ণ ইনিংছ আৰম্ভ কৰিব।
চিড-কিয়াৰা এপ্ৰিল ২০২৩-ৰ ভিতৰত বিবাহপাশত আৱদ্ধ হ’ব। অৱশ্যে দীৰ্ঘদিন ধৰি বিবাহৰ স্থান বাছনি কৰা হৈছে। সেই সময়ত অনুৰাগীসকলৰ সন্দেহ কৰিছে৷
প্ৰথমতে গোৱাত তাৰ পিছত ছণ্ডীগড়ৰ অবেৰয় স্পা আৰু ৰিজৰ্টত, চিড-কিয়াৰাই বুকিং বিচাৰিছিল। য’ত ৰাজকুমাৰ ৰাও আৰু পাত্ৰলেখাৰ বিয়া হৈছিল। এইবাৰ ৰাজস্থানত বিয়া হোৱাৰ কথা৷ সিদ্ধাৰ্থ-কিয়াৰাৰ প্ৰেমক লৈ কেইবছৰমানৰ পৰা চৰ্চা চলি আছে। কিন্তু সকলো ৰাজহুৱা কৰা নাছিল। আমি কেৱল ভাল বন্ধু বুলি কৈ আহিছিল৷