যুৱতীৰ ভিৰ, চলিছে স্বয়ম্বৰৰ আয়োজন! এইবাৰ বিয়া পাতিবলৈ মন মেলিছে মিকা সিঙে

নিউজ ডেস্কঃ বৰ্তমান অসমত স্বয়ম্বৰৰ চৰ্চা চলি আছে ;তাৰ মাজতে আকৌ আহিল এক বিশেষ স্বয়ম্বৰৰ চৰ্চা ৷ পুনৰ চৰ্চালৈ আহিছে বলীউডৰ জনপ্ৰিয় গায়ক মিকা সিং ৷এইবাৰ গানতকৈ বেছি বিতৰ্কৰ বাবেহে অধিক চৰ্চালৈ আহে তেওঁ। পিছে এইবাৰ চৰ্চালৈ অহাৰ কাৰণ বেলেগ। বিয়া পাতিবলৈ মন মেলিছে মিকা সিঙে। মিকা সিঙে অতি শীঘ্ৰেই তেওঁৰ স্বয়ম্বৰ আয়োজন কৰিবলৈ গৈ আছে। স্বয়ম্বৰৰ জৰিয়তে নিজৰ জীৱনসংগী বিচাৰিব মিকাই।

দৰাচলতে বলীউডৰ বিখ্যাত গায়কজনে এটা ৰিয়েলিটি শ্ব’ৰ জৰিয়তে তেওঁৰ কইনাক বিচাৰিবলৈ সাজু হৈছে। এক সূত্ৰই জনোৱা মতে, ৰিয়েলিটি শ্ব’টো আগতে হোৱা স্বয়ম্বৰৰ দৰে একে হ’ব। মিকাই এই অনুষ্ঠানটোত বিবাহপাশত আৱদ্ধ নহয়, কেৱল তেওঁৰ পচন্দৰ যুৱতীৰ সৈতে বাগদান কৰিব আৰু তাৰপাছত তেওঁলোকৰ সম্পৰ্ক আগুৱাই নিব। ৪৪ বছৰীয়া মিকা সিং নিজৰ স্বয়ম্বৰক লৈ অতি উৎসাহিত হৈ আছে। অনুষ্ঠানটোলৈ সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যৰ যুৱতী মিকাৰ কইনা হ’বৰ বাবে আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে মিকা সিং টিভি চেনেলত স্বয়ম্বৰ আয়োজন কৰা প্ৰথমজন নহয়। আগতেও এনে ধৰণৰ স্বয়ম্বৰ অনুষ্ঠিত হৈছিল। টিভি অভিনেত্ৰী ৰতন ৰাজপুত, ৰাখী সাৱন্ত আৰু মল্লিকা শ্বেৰাৱটেও স্বয়ম্বৰৰ জৰিয়তে তেওঁলোকৰ সংগী বাছনি কৰিছিল। অৱশ্যে তেওঁলোক বিবাহপাশত আবদ্ধ হোৱা নাছিল। আনহাতে ৰাহুল মহাজনে ৰিয়েলিটি শ্ব’ ‘ৰাহুল দুলহানিয়া লে জায়েংগে’ নামৰ স্বয়ম্বৰৰ অনুষ্ঠানৰ জৰিয়তে বঙালী মডেল ডিম্পী গাংগুলীক তেওঁৰ কইনা হিচাপে বাছনি কৰিছিল। ডিম্পীৰ সৈতে তেওঁ বিবাহপাশতো আবদ্ধ হৈছিল। ৰাহুলে ডিম্পীক ২০১০ চনত বিয়া পাতিছিলে আৰু ২০১৫ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। এতিয়া মিকাৰ কি গতি হয় সেয়াহে হ’ব লক্ষ্যণীয়।