Local, Vocal, Global

মৃত্যুৰ বিভীষিকাৰ মাজতে জন্ম এটি দেৱশিশুৰ !

ডিজিটেল ডেস্ক:-মৃত্যু যেন এতিয়া সহজ, তুৰস্ক আৰু চিৰিয়াত এতিয়া চাৰিওফালে কেৱল মৃত্যুৰ ঘন্টা বাজিছে৷
এফালে যদি মৃত্যুৰ কিৰিলি আনফালে হাড় কপোঁৱা জাৰ আৰু খাদ্যৰ অভাৱত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে চৌদিশে ৷ এটাৰ পাছত আন এটা নিথৰ মৃত্যুদেহ উদ্ধাৰ অট্টালিকাৰ ধবংস ধ্বংসস্তূপৰ পৰা৷
এনে বিভীষিকাময়ী পৰিস্থিতিৰ মাজতে জন্ম গ্ৰহন এটি দেৱকন্যাৰ, এই শিশুটিৰ নাম ‘আয়া’ ৰখা হৈছে। তুৰ্কীছ ভাষাত এই নামৰ অৰ্থ ‘পৰী’।
মৃত পিতৃ-মাতৃৰ নিথৰ দেহৰ কাষৰ পৰা উদ্ধাৰ কৰি চিকিৎসকে এই দেৱ শিশুটিৰ নাম দিলে ‘আয়া’, অৰ্থাৎ ‘অলৌকিক’…


শিশুটিৰ নামেই এতিয়া তাইৰ পৰিচয় হৈ পৰিছে। সঁচাকৈয়ে, ধ্বংসৰ পৃথিৱীত তাই যেন সৰগৰ পৰা নামি অহা সম্ভাৱনাৰ এক অলৌকিক শক্তিৰ হে ৰূপ ৷
বিধ্বস্ত ছিৰিয়াই এতিয়া তাইৰ জন্ম দেশ। প্ৰবল ভূমিকম্পই তাইৰ চহৰখন ধ্বংস কৰাৰ ঠিক কেইঘণ্টামান পূৰ্বে ধুনীয়া ধৰণীলৈ নামি আহিছিল সৰগৰ পৰীৰ দৰেই তাই।
কিন্তু নিমিষতে যেন সকলো নিঃশেষ হৈ গ’ল। জন্মদাত্ৰী মাতৃৰ বুকুৰ উম ল’বলৈ নৌপাওঁতেই নিথৰুৱা হৈ পৰিল এই দেৱকন্যাটি।