মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নিউজ ডেস্ক, ২৬ এপ্ৰিল :-পাহাৰৰ দাঁতিত মাতিত পুতি থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সষ্টি হৈছে ।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ছয়গাঁৱৰ খৰখৰীৰ চেপনশীলাত
অতি নিৰ্মমভাৱে পাহাৰৰ দাঁতিত মাতিত পুতি থোৱা অৱস্থাত এটি নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে ছয়গাঁৱৰ খৰখৰীৰ চেপনশীলাত । চেপনশীলা ওখ পাহাৰৰ শাল গছৰ মাজত উদ্ধাৰ হৈছে নৱজাতক শিশুটিৰ মৃতদেহটো।
ছয়গাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে গাঁত খান্দি পুতি থোৱা শিশুটিৰ মৃতদেহ । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি উদ্ধাৰ হোৱা মৃত শিশুটি এটি কন্যা শিশু আছিল ।
মাটিৰ পৰা সামান্য ওলাই থকা অৱস্থাত শিশুটিক প্ৰত্যক্ষ কৰে কোনো স্থানীয় লোকে । লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ কৰে ।
জানিব পৰা মতে,আৰক্ষীৰ অভিযানত পাহাৰৰ মাটিৰ পৰা কন্যা শিশুটিত মৃতদেহটো উদ্ধাৰ কৰে ।
এই নিৰ্দয় কৰ্ম কোনে কৰিব পাৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই বুলি জনায় আৰক্ষীয়ে ।