Local, Vocal, Global

ভয়ংকৰ পথ দুৰ্ঘটনা, কয়লাভৰ্তি ট্ৰাকৰ খুন্দাত নিহত এজন

নিউজ ডেস্ক ,২৭ এপ্ৰিল :-ঘটনাৰ সবিশেষ মতে ৰৈ থকা কয়লাভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । ইয়াৰ ফলত মালবাহী ট্ৰাকখনৰ হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়।

এই দুৰ্ঘটনা মঙলবাৰে নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বকোৰ শিংৰাৰ শালনিত সংঘটিত হয় । পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

আহত অৱস্থাত হেণ্ডিমেনজনক উন্নত চিকিসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ আনে যদিও হেণ্ডিমেনজনৰ মৃত্যু হয় ।

নিহত হোৱা হেণ্ডিমেনজনক অংকুৰ টুমুং বুলি জানিব পৰা গৈছে। কিছু সময় পূৰ্বে হেণ্ডিমেনজনৰ মৃত্যুৰ বাতৰি সদৰি কৰে আৰক্ষীয়ে। নিহত লোকজনৰ ঘৰ মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাত পতিত হোৱা চালকজনো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

দুৰ্ঘটনাগ্ৰস্ত কয়লা ভৰ্তি ট্ৰাকখনৰ নম্বৰ ক্ৰমে এ এছ ১৮ চি ০৩৩৭। আনহাতে খুন্দা মৰা গোৱালপাৰা অভিমুখী ট্ৰাকখনৰ নম্বৰ হৈছে এন এল ০১ কিউ ২৩৪৮।