Local, Vocal, Global

বোকাজানত ভয়াবহ পথ দুৰ্ঘটনা, থিতাতে নিহত ভকত, আহত ২

আজি বোকাজানত কাৰ্বি আংলং জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে পথ সুৰক্ষা সপ্তাহ উপলক্ষে সজাগতামূলক সভা আৰু মটৰচাইকেল ৰেলী উলিওৱাৰ পিছতে বোকাজান নগৰৰ মাজমজিয়াৰ নিজৰাপাৰত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।

গোলাঘাট জিলাৰ বোকাজান চন্দ্ৰপুৰৰ এগৰাকী লোকৰ ঘৰত মৃতকৰ শ্ৰাদ্ধৰ পৰা AS-09-H-3313 নম্বৰৰ এখন লুনাৰে ঘৰ অভিমুখে উভতি আহি থকা অৱস্থাত AS-03-CC-3103 নম্বৰৰ ইটা কঢ়িয়াই অনা এখন বলেৰ পিকআপ বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাত আন এখন স্কুটিত খুন্দা মাৰে।

দুৰ্ঘটনাতো ইমানেই ভয়ঙ্কৰ আছিল যে দুৰ্ঘটনাস্থলীতে বোধেন গগৈ নামৰ ভকতজন নিহত হোৱাৰ লগতে আন এজন ভকত আৰু এজন পথৰ কাষেৰে গৈ থকা লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।

পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত নিহত ব্যক্তিগৰাকীৰ শৰীৰ উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত দুয়ো ব্যক্তিক বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰে৷