বলীউডৰ ‘শ্বেৰশ্বাহ’ ছবিৰ নায়ক-নায়িকাই ৰ বিবাহ সম্পন্ন, প্ৰেমৰ মাহতে বিবাহ পাশত আৱদ্ধ হ’ল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী৷

সকলোৰে দৃষ্টি আৰ্কষন কৰা এখন বিবাহ৷ অতী শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ল বলিউদৰ ছুপাৰইছতাৰ দম্পতী হাল ৷ ৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জেছলমেৰত অনুষ্ঠিত হ’ল এই ৰাজকীয় বিবাহখন৷
ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়াল, আত্মীয়-স্বজনৰ উপস্থিতিত সিদ্ধাৰ্থ কিয়াৰাৰ সম্পূৰ্ণ পাঞ্জাবী ৰীতি-নীতি অনুসৰি সম্পন্ন হ’ল এই বিবাহ খন৷ বিয়াখনলৈ আমন্ত্ৰিত অতিথিসকল বিয়াৰ পিছতে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে অতিথি সকলৰ বাবে কৰা হ’ল বিশেষ আয়োজন৷ জয়ছলমেৰৰ সূৰ্যগড় পেলেচত মুঠ ৪ দিনৰ বাবে বুকিং কৰি এই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ল। বিয়াখনলৈ হ’বলগীয়া দম্পতীয়ে অতিথিসকলৰ বাবে বিভিন্ন মনোৰঞ্জন অনুষ্ঠানৰও আয়োজন কৰিলে ৷ ইয়াৰোপৰি অতিথি সকলৰ বাবে মৰুভূমি পৰিভ্ৰমণ কৰাৰ সুযোগো প্ৰদান কৰা হ’ল। সমগ্ৰ পেলেচটোত ৰাজস্থানী খাদ্যৰ ষ্টল আদি স্থাপন কৰা হ’ল। ইয়াৰ উপৰিও অতিথিৰ বাবে স্পাৰ লগতে মৰুভূমি ছাফাৰিৰো সুবিধা প্ৰদান কৰিলে। কিয়াৰা-চিদে জনপ্ৰিয় ৰাজস্থানী লোকগীত আৰু নৃত্য প্ৰদৰ্শনৰো ব্যৱস্থা কৰা দেখা গ’ল এই বিবাহ খনত। এয়া মাথো সাধাৰন বিয়া নহয়, ভ্ৰমণৰ দৰেই অভিজ্ঞতা প্ৰদান কৰা হ’ল সকলো অতিথিকে।

সিদ্ধাৰ্থৰ কইনা মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানীৰ মুখত দেখা গ’ল কইনাৰ চৰ্মক ৷ চেলিব্ৰিটি দম্পতীহালে ফেব্ৰুৱাৰী মাহৰ ৭ তাৰিখে অতি আন্দৰে বিবাহপাশত আৱদ্ধ হ’ল৷ বৰ্তমান দম্পতীহালৰ বিবাহে সাম্প্ৰতিক সময়ত শিৰোনাম দখল কৰিছে । ইফালে,বহুতো চেলিব্ৰেটীক জয়ছেলমেৰত দুয়োৰে বিবাহ অনুষ্ঠানত দেখা পোৱা গ’ল ৷
কিয়াৰা আদৱানীক শনিবাৰে ৰাতিপুৱা কলিনা বিমানবন্দৰত দেখা পোৱা গৈছিল। সেই সময়ছোৱাত কইনাৰ মুখৰ উজ্জ্বলতা কিয়াৰৰ মুখমণ্ডলত ফুটি উঠিছিল।
কিন্ত সিদ্ধাৰ্থ-কিয়াৰাই বিয়াৰ বাবে সূৰ্যগড় পেলেচ বাছনি কৰাৰ উদ্দেশ্য কি? কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বৰ সকলোৱে ৰাজস্থানৰ ৰাজকীয় শৈলীৰ বিষয়ে অৱগত। ৰাজস্থানৰ নাম অহাৰ লগে লগে ইয়াত গৌৰৱ,পোছাক আৰু খাদ্যৰ আলোচনা আহি পৰে। সেয়েহে ৰাজস্থান বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিবাহৰ গন্তব্য স্থান হিচাপে দিনক দিনে বিখ্যাত হৈ উঠিছে সূৰ্যগড় পেলেচ ৷
বলীউডৰ তাৰকা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে বিবাহৰ এই তালিকাত সূৰ্যগড় পেলেচ অন্তভূক্ত কৰিছে৷
দম্পতীহালে ৰাজস্থানৰ সোণালী বালিময় উপত্যকাত অৱস্থিত জয়ছেলমেৰৰ আগশাৰীৰ হোটেল সূৰ্যগড় পেলেচত বিবাহৰ বাবে ঠাই বাছনি কৰি ললে। এই হোটেলখন স্মৰণীয় বিবাহৰ বাবে সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছে। ইয়াত থকা ৰাজকীয় গৌৰৱে চেলিব্ৰিটিসকলক আকৰ্ষিত কৰে।
ৰাজস্থানৰ আতিথ্য আৰু ৰাজকীয় পোছাকক সকলোৱে প্ৰশংসা কৰে, কেৱল বলীউডেই নহয়, হলিউডৰ তাৰকাসকলেও ইয়াৰ প্ৰশংসা কৰে। ৰাজস্থানৰ ঐতিহাসিক ঐতিহ্য আশ্চৰ্যজ্যকৰ।
বলীউডৰ আটাইতকৈ ডাঙৰ চেলিব্ৰিটিয়ে হওঁক বা দেশ আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ ব্যৱসায়ী হওঁক। সকলোৱে ৰাজস্থানত তেওঁলোকৰ স্মৰণীয় অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে আগ্ৰহী। বলীউডৰ এই দম্পতীহালে এই স্থান বাছনি কৰি ল’লে, যিটো দেশৰ শীৰ্ষ ১০ খন হোটেলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে ৷,
সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াত অতিথিসকলৰ এনে ৰাজকীয় সুবিধা পুন প্ৰথমবাৰৰ বাবে দেখা পোৱা গ’ল৷
তিনিদিনীয়া ৰাজকীয় বিবাহৰ অন্তত কিয়াৰা আৰু সিদ্ধাৰ্থই দিল্লী আৰু মুম্বাইত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। য’ত তেওঁলোকে উদ্যোগৰ বাকী বন্ধুসকলক নিমন্ত্ৰণ কৰিব।
যদিও তাৰকা দুয়োগৰাকীয়ে এতিয়ালৈকে তেওঁলোকৰ প্ৰেম আৰু সম্পৰ্কক লৈ কোনো ধৰনৰ মন্তব্য প্ৰদান কৰা নাছিল কিন্ত তেওঁলোকৰ অনুৰাগী সকলে তেওঁলোকৰ বিবাহ খনক লৈ অধিক বেছি অধিৰ অপেক্ষাৰে বাট চাই আছিল আৰু অৱশেষত তেওঁলোকৰ এই বিবাহ খনে অনুৰাগী সকলক চকুত চৰ্মক দি এনেদৰে এই ৰাজকীয় বিবাহ খনে সকলো অনুৰাগী সকলক আলোঢ়িত কৰি তুলিলে৷