বঙাইগাঁৱত পুত্ৰই কাঢ়িলে মাতৃৰ প্ৰাণ

নিউজ ডেস্ক,২৭ এপ্ৰিল:- বঙাইগাঁৱত চোকা অস্ত্ৰৰে ঘপিয়াই পুত্ৰই হত্যা কৰিলে মাতৃক ।
নিশা ধুমুহা বৰষুণৰ মাজতে বঙাইগাঁৱত পুত্ৰই কাঢ়িলে মাতৃৰ প্ৰাণ । এই জঘন্য হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে ।
উল্লেখিত যে, নিজ পুত্ৰই চোকা অস্ত্ৰৰে ঘপিয়াই মাতৃক হত্যা কৰে।
এনে কুলংগাৰ পুত্ৰই মাতৃক হত্যা কৰা ঘটনা সংঘটিত হৈছে বঙাইগাঁও সদৰ থানাৰ অধীনৰ বিদ্যাপুৰত।
হত্যাকাৰী পুত্ৰ মনজিৎ বৰ্মন (৩২) নামৰ যুৱকজনে মাতৃ থানেশ্বৰী বৰ্মনক (৫৫) ঘপিয়াই হত্যা কৰে।
জানিব পৰা মতে, সুৰামত্ত অৱস্থাত নিজ মাতৃক হত্যা কৰি ঘৰৰ সকলো সা- সামগ্ৰী লণ্ড ভণ্ড কৰে হত্যাকাৰী মনজিতে।
এই হত্যাকাণ্ড কথা জানিব পাৰি ঘটনাস্থলীত বিদ্যাপুৰ আৰক্ষী উপস্থিত হৈ মনজিৎ বৰ্মনক আটক কৰে।
স্থানীয় ৰাইজ আৰু পৰিয়ালৰ একাংশ সদস্যই সদৰি কৰা অনুসৰি মনজিৎ বৰ্মন সুৰাসক্ত থকাৰ লগতে কিছু পৰিমানে মানসিকভাৱেও অসুস্থ হয় ।