Local, Vocal, Global

প্ৰথমে পত্নীক হত্যা, তাৰ পিছত স্বামীৰ আত্মহত্যা ! কিন্তু কিয় এনে পথ বাচি ল’লে স্বামীয়ে?

নিউজ ডেস্ক, ১ মাৰ্চ : ৰাজ্যত পুনৰ সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। টংলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।জয়ন্ত শৰ্মা নামৰ টংলাৰ চিকিৎসকজনে নিজৰ কৰ্তব্য সামৰি সোমবাৰে নিশা প্ৰায় দহ মান বজাত ঘৰলৈ যায় । তাৰ পিছত পত্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয়, আৰু এই কাজিয়াই শেষলৈ হত্যাৰ ৰূপ লয়।

প্ৰথম অৱস্থাত পত্নীক ডিঙি কাটি হত্যা কৰি পিছত নিজেই চিপ লৈ আত্মহত্যাৰ পথ বাচি লয় চিকিৎসক স্বামীয়ে । মঙলবাৰে ৰাতিপুৱা টংলা ষ্টেডিয়ামত চিপ লোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে স্থানীয় লোকে।