পুনৰ কৰোণা ভাইৰাচৰ আশংকা, বৈঠকত লোৱা হ’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, ২৫ এপ্ৰিল:- দেশত পনুৰবাৰ কৰোণা মহামাৰীয়ে বিৰাজ কৰিব পাৰে,আশংকা হৈছে চতুৰ্থ ঢৌৰ ।
বিগত দুবছৰ যোৰা ক’ভিডৰ আতংকৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰচেষ্টাত বিশ্ববাসীয়ে স্বাভাৱিক জীৱন-যাপন ঘূৰাই পোৱাৰ সময়তে পুনৰবাৰ আশংকাই দেখা দিছে কৰোণা ভাইৰাচৰ ।
উল্লেখযোগ্য যে, দিল্লীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ পুনৰ ভয়ংকৰ ৰূপত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ।
দিল্লীত প্ৰতিদিনে ২৪ ঘন্টাত আক্ৰান্ত ১০৮৩ জনকৈ লোক , দৈনিক বাঢ়ি অহা ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
ক’ভিডৰ দ্ৰুত সংক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বৈঠক অনু্ষ্ঠিত হ’ব ।
অহা ২৭ এপ্ৰিলত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে
ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হ’ব ।
ক’ভিডৰ চতুৰ্থ ঢৌক লৈ চিন্তিত হৈ মোদীয়ে ল’ব
বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।