নিজকে ‘gay’ বুলি ঘোষণা হলিউদৰ অভিনেতা নোহ স্নেপৰ
হলিউদৰ এগৰাকী অভিনেতাই নিজকে সমকামী ঘোষণা কৰিছে৷ হলিউদৰ তাৰকাসকলৰ ভিতৰত জনপ্ৰিয় মুখ নোহ শ্নেপে এই ঘোষণা কৰিছে৷ কেমেৰাৰ সন্মুখত ডাঙৰ-দীঘল হোৱা ‘ষ্ট্ৰেঞ্জাৰ থিংছ’ ৰূপে বিখ্যাত কিশোৰ নোহ শ্নেপে ছ’চিয়েল মিডিয়াত যোগে নিজকে সমকামী বুলি দাবী কৰে৷
নোহে সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰি জনপ্ৰিয় গানৰ সৈতে লিপচিং কৰে৷ নোহে কয় যে ১৮ বছৰৰ পিছত যেতিয়া মই মোৰ পৰিয়াল আৰু বন্ধুবৰ্গক কৈছিলো যে মই সমকামী, তেওঁলোক সকলোৱে কৈছিল যে সেই কথা তেওঁলোকে জানে। ভিডিঅ’টোত নোহে নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গকে ধৰি সমগ্ৰ বিশ্বৰ সৈতে নিজকে মিলাই লৈছে বুলিও কয়। কেৱল সেয়াই নহয় ভিডিঅ’টোৰ কেপশ্বনত লিখিছিল যে ‘ষ্ট্ৰেঞ্জাৰ থিংছ’ অনুষ্ঠানত নোহে অভিনয় কৰা চৰিত্ৰ উইল বায়াৰ্ছৰ সৈতে তেওঁৰ যথেষ্ট মিল আছে।