দিকাৰী নৈৰ বুকুত বিলিন হোৱাৰ পথত বৃহত্তৰ কৰৈবাৰী অঞ্চল
ধেমাজী,১২ জুন : দিকাৰী নৈৰ বুকুত বিলিন হোৱাৰ পথত বৃহত্তৰ কৰৈবাৰী অঞ্চল । হাতে হাতে বস্তা, কোৰ, বেলচা লৈ ওলাই আহিল বৃহত্তৰ অঞ্চলটোৰ সহস্রাধিক ৰাইজ ।
বাৰিষাৰ আগমনৰ লগে লগে আতংকিত হৈ পৰিছে অসম অৰুণাচল সীমান্তবৰ্তী বৃহৎ কৰৈবাৰী অঞ্চলৰ ৰাইজ। জোনাই মহকুমাৰ সীমান্তবর্তী বৃহত্তৰ কৰৈবাৰী অঞ্চলত এটা দশক ধৰি অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা দিকাৰী নৈয়ে লৈছে ভয়ংকৰ ৰূপ।
ইতিমধ্যে শ শ বিঘা কৃষি ভূমি, প্ৰায় ৫০ৰো অধিক পৰিয়ালৰ ঘৰ বাৰী নৈৰ বুকুত বিলিন হৈছে। তদুপৰি বৃহত্তৰ অঞ্চলটোত থকা একমাত্র প্ৰাথমিক বিদ্যালয়, বাথৌ মন্দিৰ, হৰি মন্দিৰ, নাম ঘৰ দিকাৰী নৈৰ বুকুত ইতিমধ্যে জাহ হৈছে। দিকাৰী নদীয়ে এনে ভয়ংকৰ ৰূপ লোৱাৰ পিছতো জন প্ৰতিনিধি আৰু অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বহু বাৰ কাকুতি মিনতি কৰিও সুফল নোপোৱাত উপায়ন্তৰ হৈ বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ প্ৰায় সহস্রাধিক ৰাইজ ওলাই আহিল গৰাখহনীয়া প্ৰতিৰোধ বান্ধ নিৰ্মাণৰ বাবে। কৰৈবাৰী ওয়েলফাৰ কমিটিৰ অৰ্জুন থাপা, হেলেম মুচাহাৰী, অমৃত বৰ্মন, হেম বাহাদুৰ পৌড়েল আৰু ৰত্নেশ্বৰ বৰ্মনৰ নেতৃত্বত পুৱাই হাতে হাতে বস্তা, কোৰ, বেলচা লৈ নৈৰ পাৰলৈ ওলাই আহিল সহস্রাধিক ৰাইজ।
তেলেম গাওঁ পঞ্চায়ত অন্তৰ্গত বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ ককা আইতা, পুৰুষ মহিলা, যুক যুৱতী সকলো ওলাই আহিল দিকাৰী নৈৰ বৃহৎ নদী বান্ধ নিৰ্মাণৰ অৰ্থে। অৰুণাচল প্ৰদেশৰ নাৰীৰ সীমান্তৰ পৰা কৰৈবাৰী অঞ্চললৈ ৰাইজে গাঠীৰ ধন ভাঙি, হাজাৰ হাজাৰ বস্তাত বালি ভৰাই শ্ৰমদানেৰে গাইডবান্ধ নিৰ্মাণৰ চেষ্টা চলায়।
বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শ্ৰমদানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গাইডবান্ধ নিৰ্মাণ কৰিছে যদিও বাৰিষাৰ পিছত গাইডবান্ধ থাকিবনে নাই স্থানীয় ৰাইজে সন্দেহ কৰিছে। আনহাতে, বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ ৰাইজে সংবাদ মাধ্যমৰ যৰিয়তে অসম চৰকাৰলৈ অতিশীঘ্রই দিকাৰী নদীত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।