তামুলপুৰ জিলাত নিশা সংঘটিত হয় এক হত্যাকাণ্ড, দুৰ্বৃত্তই প্ৰাণ কাঢ়িলে অজয় চাহুৰ

নিউজ ডেস্ক, ২৪ এপ্ৰিল: শনিবাৰে তামুলপুৰ জিলাৰ অন্তৰ্গত দৰংগামেলা আৰক্ষী চকীৰ অধীনৰ মেনকা চাহ বাগিচাত নিশা সংঘটিত হয় এক জঘন্য হত্যা কাণ্ড ।
নিশাৰ সুযোগ লৈ কোনোৱা দুৰ্বৃত্তই ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে তামুলপুৰৰ এজন লোকক।
মৃত্যু হোৱা লোকজন মেনকা চহ বাগিচাৰ পাহাৰঢিলা নিবাসী অজয় চাহু বুলি জানিব পৰা গৈছে অজয় ঘৰত অকলে থকাৰ সময়তে এই হত্যা কাণ্ড সংঘটিত কৰে অচিনাক্ত দুৰ্বৃত্তই ।
অতি নিৰ্মম ভাৱে দুৰ্বৃত্তই অজয় চাহুৰ ডিঙি আৰু হাত কাটি থৈ যায়।
কিছু সময় পিছত ঘৰৰ মানুহ আহি ঘৰৰ ভিতৰৰ মজিয়াত অজয় চাহু তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেখি হাহাকাৰ লাগে আৰু লগে লগে দৰংগামেলা আৰক্ষীক খবৰ দিয়াৰ লগতে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় যদিও কুমাৰীকাটাৰ চিকিসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী প্ৰেৰণ কৰে । কিন্তু আধা বাটতে মৃত্যু ঘটে লোকজনৰ ।
উল্লেখ্য যে ঘটনা সংক্ৰান্তত দৰংগামেলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনে কি কাৰণত অজয় চাহুক হত্যা কৰিলে এই পৰ্যন্ত জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে বক্ত কৰে।