গুৱাহাটীত শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতে, কোহলীৰ ৭৩ তম শতক অৰ্জন

ভাৰত বনাম শ্ৰীলংকা প্ৰথম এদিনীয়া খেলত ভাৰত ৭ উইকেট হেৰুৱাই শ্ৰীলংকাক৷ ভাৰতে ৩৭৩ ৰাণৰ লক্ষ্য বান্ধি দিছিল শ্ৰীলংকাক৷ বিৰাট কোহলীয়ে ৮৮ বলত সংগ্ৰহ কৰিছিল ১১৩ ৰাণ৷ শ্ৰীলংকাই ৮ উইকেট হেৰুৱাই ৩০৬ ৰাণত পৰাস্ত হয়৷ শ্ৰীলংকাৰ দাচুন শনাকা ৮৮ বলত ১০৮ ৰাণ কৰে। ভাৰত ৬৭ ৰাণত বিজয়ী হয়।
শ্ৰীলংকাই টছত জিকি বল কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেয়া কাম নাহিল। ভাৰতীয় বেটছমেনসকলে উন্নত প্ৰদৰ্শন কৰে। প্ৰথমে ৰোহিত শৰ্মা আৰু শুভমান গিল আৰু তাৰ পিছত বিৰাট কোহলী। কোহলীয়ে গুৱাহাটীত ৭৩ তম শতক অৰ্জন কৰে। ভাৰতে ৩৭৩ ৰাণ সংগ্ৰহ কৰিছিল। শ্ৰীলংকাৰ অধিনায়ক দাচুন শনাকা একমাত্ৰ উন্নত প্ৰদৰ্শন কৰে। সুন্দৰ শতক অৰ্জন কৰে। কিন্তু তাৰ পাছতো শনাকাই দলটো জিকিব নোৱাৰিলে। প্ৰথম খন এদিনীয়া খেলত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে বৃহ বিজয়ী হয়।
প্ৰথম অভাৰৰ পৰাই ভাৰতৰ দুই অপেনাৰ ৰোহিত আৰু শুভমানে শ্ৰীলংকাৰ বলাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে। শ্ৰীলংকাৰ বলাৰসকলক থিতাপি ল’বলৈ সময় দিয়া নাছিল। গুৱাহাটীত ভাৰতৰ আউটফিল্ডে সহায় কৰিছিল। ৰোহিতে পাৱাৰপ্লেত ফিল্ডাৰসকলৰ ৩০ গজৰ ভিতৰত থকাৰ সুযোগৰ সুযোগ লৈছিল।
আনহাতে, শুভমানে এটাৰ পিছত আন এটা শ্বট খেলিছিল। কভাৰ অঞ্চলত এটাৰ পিছত এটা চাৰি মাৰিছিল। দুয়োজন বেটছমেনে অৰ্ধ-শতক সম্পূৰ্ণ কৰিছিল। এনে লাগিছিল যে দুয়োজন অপেনাৰে শতক অৰ্জন কৰিব। কিন্তু শুভমান দাচুন শনাকাৰ বলত ৭০ ৰাণত এলবিডব্লিউ হৈছিল। ভাৰতৰ প্ৰথমটো উইকেট ১৪৩ ৰাণত পত হৈছিল। ৰোহিতেও শতক অৰ্জন কৰিব পৰা নাছিল। দচুন মাদুশংকৰ দ্বাৰা ৮৩ ৰাণত বোল্ড হোৱাৰ পিছত ড্ৰেছিং ৰুমলৈ উভতিছিল।