Local, Vocal, Global

গুৱাহাটিৰ ডবল মাৰ্ডাৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অৰূপৰ ভগ্নীয়ে বন্দনাৰ ধন লোৱাৰ দাবী অস্বীকাৰ…

গুৱাহাটী ডবল মাৰ্ডাৰ কেছৰ অভিযুক্ত অৰূপ ডেকাৰ ভগ্নীয়ে মঙলবাৰে বন্দনা কলিতাৰ দাবী অস্বীকাৰ কৰে যে অৰূপে তেওঁৰ পৰা টকা লৈছিল।
বাতৰি অনুসৰি, অৰূপ ডেকাৰ পত্নী আৰু ভনীয়েকে নুনমতী আৰক্ষী থানাৰ লক-আপত তেওঁক খাদ্য আৰু কাপোৰ দিবলৈ আহিছিল।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোঁতে তেওঁ কয় যে, “অৰূপে বন্দনাৰ পৰা ২ লাখ টকা লোৱা নাছিল। যদি বন্দনাই সঁচা কৈছিল তেন্তে বন্দনাৰ মন্তব্য প্ৰতিদিনে সলনি নহ’লহেঁতেন।”
আমি তাইৰ পৰিচয় অনামিকা বা হানি হিচাপে জানিছিলো, বন্দনা হিচাপে নহয়। যদি আমি জানিলোহেঁতেন যে তাই এনেকুৱা, আমি তাইৰ সংস্পৰ্শত নাথাকিলোহেঁতেন”, এনেদৰে অৰূপৰ ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে৷ বৰ্তমানেও তিনিওজন অভিযুক্তক আৰক্ষীৰ জিম্মাত বিভিন্ন জেৰাও চলাই থকা হৈছে বুলি জানিব পৰা গৈছে৷