ক্ষান্ত ফুকনৰ প্ৰৱন্ধ সংকলন ‘ছন পৰা মাটিৰ গোন্ধ’সহ তিনিখন গ্ৰন্থ উন্মোচন

চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সোণাৰি শাখা সাহিত্য সভাৰ সহযোগত তিনিদিয়া কাৰ্যসূচীৰে আয়োজন কৰা অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতি সংগতি ৰাখি আজি সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত লেখক ক্ষান্ত ফুকনৰ প্ৰৱন্ধ সংকলন ‘ছন পৰা মাটিৰ গোন্ধ’ উন্মোচন কৰা হয়৷ চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত ক্ষান্ত ফুকনৰ ‘ছন পৰা মাটিৰ গোন্ধ উন্মোচন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপিকা, লেখিকা ড° মায়াশ্ৰী গোস্বামীয়ে৷ উন্মোচনী ভাষণত ড° গোস্বামীয়ে ক্ষান্ত ফুকনৰ সাহিত্য চৰ্চাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে৷
চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড° ৰঘুনাথ কাগয়ুঙে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সাহিত্যকৰ্মী বিপুল বৰুৱাৰ দুখন গ্ৰন্থ ক্ৰমে ‘অনুভৱৰ বৰষুণ’ জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰে আৰু ‘ভকতিৰ অমিয়া সুৰ’ উন্মোচন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে৷ উন্মোচনী সভাত লেখিকা তথা চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰতিপ্ৰভা গগৈ আৰু চৰাইদেউ জিলা সাহিত্য সভাৰ উপ-সভাপতি নিৰঞ্জন ফুকন, সাংস্কৃতিক কৰ্মী বিপিন শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ অৰ্দ্ধশতাধিক সাহিত্যানুৰাগী ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পুর্বে ২৭ ডিচেম্বৰত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ২৮ ডিচেম্বৰত বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।