Local, Vocal, Global

কাজিৰঙাত বিহ দি নাহৰফুটুকী নিধন

নিউজ ডেস্ক, ১ মাৰ্চ : মঙলবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজনী প্ৰাপ্তবয়স্ক নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে বন বিষয়াই। বন বিষয়াসকলৰ মতে, কোনো দুষ্কৃতিকাৰীয়ে বিহ দিয়াৰ ফলত মৃত্যু হয় বাঘটোৰ ।
প্ৰতিবেদন অনুসৰি, মৃত নাহৰফুটুকীৰ ওচৰত বমিৰ চিহ্ন প্ৰত্যক্ষ কৰি কোনো দুৰ্বৃত্তই বিহ দি মৰাৰ সন্দেহ কৰে বন বিষয়াৰ কৰ্মচাৰীয়ে। আনহাতে, কিছুদিন পুৰ্বে খাদ্যৰ সন্ধানত ওলাই অহা ঢেকীয়াপতীয়া বাঘিনীজনীয়ে অঞ্চলটোত এটা গৰু চিকাৰ কৰি মাৰিছিল, কোনো লোকে তাৰ প্ৰতিশোধ ল’বলৈ উক্ত ঘটনাটো সংঘটিত কৰাৰ সন্দেহ । 

কাজিৰঙাত বিহ দি নাহৰফুটুকী নিধন 


উল্লেখযোগ্য যে, চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লব লগা হয় আঘাতপ্ৰাপ্ত নাহৰফুটুকী জনীয়ে আৰু বিষয়টোৰ ওপৰত অধিক তদন্ত আৰম্ভ কৰিছে বন বিভাগৰ লোকে ।