Local, Vocal, Global

আমোলা-নেতাৰ গোপন অভিসাৰ, কংগ্ৰেছৰ কমল নাথৰ হাতত আছে পেন ড্ৰাইভ!

নেতাৰ হানিট্ৰেপিং কাণ্ডই আজিও গৰম কৰি ৰাখিছে মধ্য প্ৰদেশৰ ৰাজনীতি৷ শাসক-বিৰোধী হনিট্ৰেপিং কাণ্ডক লৈ ৰাজনীতি কৰি গৈছে৷ কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে তিনি বছৰ পূৰ্বে ‘হানিট্ৰেপ’ৰ মূল পেন ড্ৰাইভ থকা বুলি দাবী কৰিছিল। কমল নাথে এইবাৰ ঘটনাৰ কোনো চিডি বা পেন ড্ৰাইভ নাই বুলি দাবী কৰিছে।

২০১৯ চনৰ ১৯ ছেপ্টেম্বৰ ‘হানিট্ৰেপ’ বিষয়টো প্ৰথমে পোহৰলৈ আহিছিল। মধ্য প্ৰদেশ আৰক্ষীয়ে সুন্দৰী মহিলাৰ সহায়ত ৰাজনীতিবিদ আৰু আমোলাসকলৰ পৰা ধন দাবী কৰা এটা দলক গ্ৰেপ্তাৰ কৰাত ব্যাপক চৰ্চা হৈছিল৷ পাঁচগৰাকী মহিলাকে ধৰি মুঠ ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কেইবা ঘণ্টাধৰি তালাচীৰ সময়ত কেইবাটাও স্পাই কেমেৰা, পৰ্ণোগ্ৰাফিক ভিডিঅ’ৰ পেন ড্ৰাইভ আৰু নগদ ১৪ লাখ টকা উদ্ধাৰ কৰা হৈছিল।

এই ঘটনাৰ জড়িয়তে কাক ব্লেকমেইল কৰা হৈছিল সেই সন্দৰ্ভত আৰক্ষীয়ে বিবৃতি জাৰি কৰা নাছিল৷ মধ্যপ্ৰদেশ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো বিজেপি নেতা, মন্ত্ৰী আৰু আমোলা ঘটনাত জড়িত থকাৰ অনুমান কৰা হৈছিল৷ যি কথা সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল। নিয়মীয়াকৈ বহু নেতা প্ৰসিদ্ধ ক্লাবত মিলিত হোৱাৰ কথা চৰ্চা হৈছিল। সুন্দৰী মহিলাৰ সৈতে এটা কোঠা বুক কৰি অনৈতিক কৰ্ম কৰা বুলি খবৰ প্ৰকাশ পাইছিল। আনকি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ো এই চক্ৰ স্বীকাৰ হৈছিল বুলি কোৱা হৈছিল৷

ঘটনাটোৰ সময়ত কমল মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল। কিন্তু চিডি এই চেক্স কেলেংকাৰীৰ কেইমাহমানৰ ভিতৰতে জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেইবাগৰাকী বিধায়কে বিজেপিত যোগদান কৰি কমল নাথক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আতৰাই৷ চকীৰ পৰা আতৰোৱাৰ পিছত কমল নাথে দাবী কৰি কৈছিল যে বিজেপিৰ ‘কুকীৰ্তি’ৰ মূল চিডি তেওঁৰ সৈতে আছে। অৱশ্যে কমল নাথে এইবাৰ বক্তব্য সলনি কৰে আৰু দাবী কৰে যে সেই সময়ত আৰক্ষী বিষয়াই ডেৰ মিনিটৰ ভিডিঅ’ ফুটেজ দেখুৱাইছিল। ৩০ ছেকেণ্ডৰ ফুটেজ চাই তদন্তৰ নিৰ্দেশ দিছিল।

পৌৰ নিগমৰ বিষয়া হৰভজন সিঙৰ অভিযোগৰ ভিত্তিত ইন্দোৰৰ পালাছিয়া আৰক্ষী থানাত ব্লেকমেইলিংৰ এটা গোচৰ ৰুজু হোৱাত ঘটনা পোহৰলৈ আহিছিল। অভিযোগকাৰী বিষয়াক এগৰাকী মহিলাই বন্ধুত্ব কৰি ব্লেকমেইল কৰিবলৈ চেষ্টা কৰি বুলি এজাহাৰ দাখিল কৰিছিল। মহিলাগৰাকীয়ে বিষয়াজনৰ সৈতে আপত্তিজনক অৱস্থাৰ সময়ৰ দৃশ্য ৰেকৰ্ডিং কৰি আৰু ৩ কোটি টকা দাবী কৰিছিল। বিষয়াজনে দাবী কৰা ধন পৰিশোধ নকৰিলে ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি দিছিল। বিষয়াৰ এনে অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু তদন্ত কৰি এটা চক্ৰক গ্ৰেপ্তা কৰে৷ ৩ কোটি টকাৰ প্ৰথম কিস্তি সংগ্ৰহ কৰিবলৈ ইন্দোৰলৈ আহিছিল দলটো। ইয়াৰ পিছত বহু তথ্য উন্মোচন হয়৷ মহিলাগৰাকীৰ সৈতে আন বহু মহিলাও জড়িত আছিল৷ যিসকলে বহু নেতা, বিষয়া, ব্যৱসায়ী আৰু প্ৰভাৱশালী লোকক ফান্দত পেলাইছিল।