অসমৰ ধুবুৰীত বাল্য বিবাহৰ গোচৰত পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই বৃদ্ধ পিতৃৰ মৃত্যু….

ডিজিটেল ডেস্ক-অসমৰ ধুবুৰী জিলাত বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানত পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এজন ৮০ বছৰীয়া পিতৃৰ আত্মহনন।
মৃত ব্যক্তিজন গোলকগঞ্জৰ বাসিন্দা ৰাজেন্দ্ৰ ৰয় বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, ৰাজেন্দ্ৰৰ পুত্ৰক উকিল ৰয় বুলি চিনাক্ত কৰা হৈছে,বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল উকিল ৰয়ক।
উকিলক আইনী বয়সৰ আগতে আৰু কম বয়সৰ কন্যাৰ সৈতে বিয়া দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল উকিল ৰয়ক।
অভিযোগ অনুসৰি উকিল ৰয় গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীয়ে উকিলৰ পৰিয়ালক হাৰাশাস্তি আৰু ভাবুকি দিছিল।
পৰিয়ালৰ অভিযোগ অনুসৰি তেওঁলোকে আৰক্ষীৰ পৰা পোৱা ভাবুকি আৰু নিৰ্যাতনৰ বাবেই, বৃদ্ধ গৰাকীয়ে আত্মহত্যা কৰিছিল বুলি মত প্ৰকাশ কৰে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰে যে ৰাজ্যখনত বাল্য বিবাহৰ ৪০০০ ৰো অধিক ঘটনাৰ খবৰ পোৱা গৈছে আৰু দায়ী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
অসমৰ বিভিন্ন গোটে নিৰ্দিষ্ট পৰিস্থিতিত এই কাৰ্যক সমালোচনা কৰিছে।
একে সময়তে, গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলে চৰকাৰৰ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদৰ আয়োজন কৰিছে।