টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান

মঙলবাৰে চেভালিয়েৰ ডি লা লিজিয়ন ডি অনাৰ সন্মানেৰে সন্মানীত কৰে

ভাৰত আৰু ফ্ৰান্সৰ বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান

ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কেথেৰিন ক’ল’নাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ হৈ চন্দ্ৰশেখৰক এই বঁটা প্ৰদান কৰে

চলিত বৰ্ষৰ আৰম্ভণিতে টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ২৫০খন এয়াৰবাছ ক্ৰয় কৰাৰ বাবে বহু কোটি ডলাৰৰ এখন চুক্তিত স্বাক্ষৰ কৰিছিল

এই চুক্তিত আছিল ২১০খন A320 নিঅ' এয়াৰবাছ আৰু ৪০খন A350 এয়াৰবাছ

যোৱা বছৰৰ ডিচেম্বৰত টাটা টেকন’লজিছে বিশ্বৰ মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ নিউ এজ প্ৰডাক্ট ইঞ্জিনিয়াৰিং আৰু ডিজিটেল প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে ফ্ৰান্সত এটি উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰিছিল

ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা হৈছে এই নেশ্যনেল অৰ্ডাৰ অৱ দ্য লিজিয়ন অৱ অনাৰ সন্মান

ফৰাচী ভাষাত এই বঁটাক Ordre national de la Légion d’honneur বুলি কোৱা হয়

সোৱাদত তিতা যদিও স্বাস্থ্যৰ বাবে অতিকে মিঠা তিতা কেৰেলা  জানো আহক ইয়াৰ উপকাৰিতাসমূহ