সোৱাদত তিতা যদিও স্বাস্থ্যৰ বাবে অতিকে মিঠা তিতা কেৰেলা  জানো আহক ইয়াৰ উপকাৰিতাসমূহ

তিতা কেৰেলা খাবলৈ অতিকে তিতা যাৰ নামেই তিতা কেৰেলা তেনে ক্ষেত্ৰত তাৰ সোৱাদ তিতা হোৱাটোৱেই স্বাভাৱিক

তিতা সোৱাদৰ বাবেই বহুতেই তিতা কেৰেলা নাখায়  কিন্তু তিতা কেৰেলাৰ ইমানেই ঔষধী গুণ আছে যে সেয়া শুনিলে আপুনি আচৰিত হৈ পৰিব

মধুমেহ বা ডায়েবেটিছত আক্ৰান্তসকলৰ বাবে ই ৰামবাণ আৰু লগতে ই বহু ৰোগৰ বাবেও উত্তম পথ্য

তিতা কেৰেলাই শৰীৰত ইনচুলিনৰ স্বাভাৱিক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে

তিতা কেৰেলা পাচনতন্ত্ৰ, ভোক নলগা, জ্বৰ আৰু চকুৰ ৰোগৰ বাবে অতিকে উপকাৰী বুলি কোৱা হয়

কেৰেলা খালে কফ, জ্বলন, শ্বাসসম্বন্ধীয় সমস্যাৰ পৰা মুক্তি পাব পাৰি কিন্তু কেৰেলাৰ অধিক সেৱনে পেটৰ আৰু কিডনীৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে

শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে তিতা কেৰেলা খাব লাগে  তিতা কেৰেলাৰ পাচলিয়েই নহয়, ইয়াৰ শিপা, গা-গছ আৰু পাত আয়ুৰ্বেদৰ মতে অতি উপকাৰী

তিতা কেৰেলাৰ উৎপত্তি ভাৰততে হোৱা বুলি অনুমান কৰা হয় কাৰণ ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদৰ পুথিতো কেৰেলাৰ বিষয়ে উল্লেখ আছে

ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰত তিতা কেৰেলাক শ গুণৰ ভাণ্ডাৰ বুলি উল্লেখ আছে