চৰম নিৰাপত্তাহীনতা শিল্পী জুবিন গাৰ্গ

চৰম নিৰাপত্তাহীনতা শিল্পী জুবিন গাৰ্গ। মহানগৰীত নিশা শিল্পী জুবিন গাৰ্গ সন্মুখীন হ’ল এক অনাকাংক্ষিত ঘটনাৰ। দুৰ্বৃত্ত দলে বাট আগচি ধৰিলে শিল্পী জুবিন গাৰ্গৰ বাহনক। কাহিলীপাৰৰ এপাৰ্টমেন্টলৈ গৈ থকা অৱস্থাতে এখন মাৰুতি চিয়াজ বাহনত অহা ৬জনীয়া দুৰ্বৃত্তৰ দলে জুবিন গাৰ্গৰ বাহনক বাট আগুচি ধৰে। মহানগৰীৰৰ গণেশ মন্দিৰৰ সন্মুখত সংঘতিত হয় এই ভয়ংকৰ ঘটনা। নিশা ১২ঃ৪০ বজাত সৃষ্টি হয় এই অনাকাংক্ষিত পৰিস্থিতিৰ।
ইতিমধ্যেই ঘটনা সন্দৰ্ভত শিল্পী জুবিন গাৰ্গে দিছপুৰ আৰক্ষীৰ। নিশাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে শিল্পী গৰাকীয়ে। এজাহাৰত উল্লেখ কৰিছে দুৰ্বৃত্তৰ দলটোৰ হাতত আছিল সুৰাৰ বটল।
শেহতীয়াকৈ কৃষি বিভাগৰ বেণ্ড এম্বেচেদাৰ প্ৰদান কৰাক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শিল্পীগৰাকী। হয়তো তাৰে প্ৰতিফলন স্বৰূপে শিল্পীগৰাকী এই অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ’ল।