Local, Vocal, Global

ZOMATO কাণ্ডৰ হিতেশ চন্দ্ৰানীয়ে অসুৰক্ষিত অনুভৱ কৰি এৰিলে বেংগালুৰু

শেহতীয়াকৈ বেংগালুৰুৰ হিতেশ চন্দ্ৰানী নামৰ এগৰাকী মহিলাই  ZOMATO ৰ এজন খাদ্য যোগান ধৰা ল’ৰাই আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু এই অভিযোগৰ সত্যতাক লৈ এতিয়া সমগ্ৰ দেশবাসীৰ মাজত চাঞ্চল্য়ৰ সৃষ্টি হৈ আছে৷

ঘটনাটো ইতিমধ্য়ে সামাজিকমাধ্য়মত ব্য়াপকৰূপে প্ৰচাৰ হৈছে আৰু তাৰ লগতে মহিলাগৰাকীৰ বেংগালুৰুত থকা বাসগৃহৰ ঠিকনাও সামাজিকমাধ্য়মত প্ৰচাৰ হ’বলে লৈছে৷ ফলত হিতেশা চন্দ্ৰনীয়ে নিজৰ ঘৰত অসুৰক্ষিত অনুভৱ কৰে আৰু বেংগালুৰু এৰি গুচি যায়৷

উল্লেখ্য় যে ZOMATO ৰ ডেলিভাৰী বয় কামৰাজে ১৫ মাৰ্চত মহিলাগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল ৷ সেইবাবে বৃহস্পতিবাৰে হিতেশ চন্দ্ৰনীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰিব বুলি জানিব পৰা গৈছে৷