Local, Vocal, Global

ইউটিউবাৰ পাৰস সিঙক জামিন

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ এখন স্থানীয় আদালতে পঞ্জাৱৰ ইউটিউবাৰ পাৰস সিঙক জামিন প্ৰদান কৰে। পাৰসে বিগত ২৭ মে’ তাৰিখে কংগ্ৰেছ বিধায়ক নিনোং এৰিং আৰু উত্তৰ-পূৱৰ ৰাজ্যৰ মানুহৰ বিষয়ে অগ্ৰহণীয় মন্তব্য প্ৰদান কৰাৰ বাবে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে পাৰস সিঙৰ ব্যক্তিগত উকিলে জামিনৰ আৱেদন দিয়াৰ বাবে ১০,০০০ টকাৰ জামিনত মুকলি কৰি দিয়ে।
আনহাতে আদালতে ইউটিউবাৰ গৰাকীক দেশ এৰি নাযাবলৈ আৰু পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়াত অৰুণাচলত আহি উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে। উক্ত বিষয় সন্দৰ্ভত চৰকাৰী অধিবক্তা ৰ’টম বিজয়ে কয় যে, “ইউটিউবাৰ গৰাকীক ১০,০০০ টকাৰ জামিনত মুক্তি দিয়া হয়, কিয়নো ৰাজ্যিক আৰক্ষীয়ে ন্যায়িক জিম্মাত ইতিমধ্যে পাৰসৰ সকলো বাণী লিপিবদ্ধ কৰি ৰাখিছে আৰু তদন্ত প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে।” আনহাতে ন্যায়িক জিম্মাৰ সসময়ত ইউটিউবাৰ পাৰসক অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ৰাজ্যখনৰ মুখ্য সম্প্ৰদায়সমূহৰ ভূগোল, ইতিহাস, জাতি আৰু সংস্কৃতিৰ ওপৰত শিক্ষা দান কৰা দেখা গৈছিল। ইউটিউবাৰ পাৰসে অৰুণাচলৰ বিধায়কজনৰ বিষয়ে অগ্ৰহণযোগ্য মন্তব্য প্ৰদান কৰাৰ পিছত বিগত ৪ জুনত ‘টুইট’ৰ ধুমুহাৰ সৃষ্টি হৈছিল। আনহাতে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰা বাহিৰলৈ অধ্যয়ন অথবা কৰ্মসূত্ৰে যোৱা লোকসকল আৰু শিক্ষাৰ্থী সকলে প্ৰায়ে বৰ্ণবৈষম্যৰ উৎপীড়নৰ লগত মোকাবিলা কৰি আহিব লগীয়া হৈছে।